ETV Bharat / state

পয়ালগা স্বাস্থ্য বিভাগ : জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Jul 27, 2021, 5:18 PM IST

জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো ৷ হাবি জংঘলেৰে আৱৰি আছে চিকিৎসালয়খনৰ চৌপাশ । চালকৰ অভাৱত পৰি ৰৈছে দুখনকৈ এম্বুলেঞ্চ ৷ দেখিও নেদেখাৰ ভাও জুৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ এই অভিযোগ কৰিছে বাঘমাৰাবাসীয়ে ৷ স্বাস্থ্য কেন্দ্ৰটোৰ পৰিত্যক্ত অৱস্থাই চকু কপালত তুলিছে এতিয়া সাধাৰণ ৰাইজৰ ৷

poor condition of baghmara madical bajali
পয়ালগা স্বাস্থ্যবিভাগ

পাঠশালা, 27 জুলাই : পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এখন চিকিৎসালয় ৷ জহি-খহি গৈছে চিকিৎসালয়খনৰ সকলো আচবাব ৷ এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ চিকিৎসা বিভাগৰ বিৰুদ্ধে ৷

আমি কৈ থকা এই বিশেষ চিকিৎসালয়খন হৈছে বজালীৰ সীমান্তৱৰ্তী বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ৷ কেইবাবছৰ ধৰি পৰি আছে চিকিৎসালয়খন ৷ পৰ্যাপ্ত পৰিমাণৰ নহ’লেও চিকিৎসালয়খনত আছে ডাক্তৰ তথা স্বাস্থ্য কৰ্মী ৷ কিন্তু নাই পৰ্যাপ্ত সা-সুবিধাহে ৷

যাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী ৷

জানিব পৰা মতে, চিকিৎসালয়খনত আছে কেৱল মাত্ৰ দুগৰাকী চিকিৎসক ৷ মাত্ৰ দুগৰাকী চিকিৎসকে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক আগবঢ়াই গৈছে সেৱা । আনহাতে, ৰোগী অনা-নিয়া কৰাৰ বাবে চৰকাৰে প্ৰদান কৰিছে দুখন বাহন ৷

কিন্তু ব্যৱহাৰৰ অভাৱত দুখনকৈ এম্বুলেঞ্চ পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত । কাৰণ এম্বুলেঞ্চ দুখনৰ চালক নাই ৷ যি এগৰাকী চালক আছিল, তেওঁ ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ ফলত এটা বন্ধ ঘৰতে পৰি ৰৈছে এম্বুলেঞ্চ দুখন ।

জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

লগতে পঢ়ক: ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

আনহাতে, বজালীৰ সীমান্তৱৰ্তী বাঘমাৰাৰ চিকিৎসালয়খনত ছবছৰ পূৰ্বে বৃহত্তৰ বাঘমাৰা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছিল এটা অস্ত্ৰোপচাৰ গৃহ । কিন্তু আজিলৈকে উদ্বোধন নহ'ল গৃহটো । কিহৰ বাবে উদ্বোধন নহ'ল সেয়াও ৰহস্যৰ আৱৰ্তত ।

এতিয়া এফালৰ পৰা জহি-খহি যাবলৈ ধৰিছে অস্ত্ৰোপচাৰ কৰা গৃহটো । আনফালে আকৌ চিকিৎসালয়খনত যি সমূহ আৱাসগৃহ আছে, সেয়াও এতিয়া যেন ব্যৱহাৰৰ অভাৱত ঘন হাবি-জংঘলেৰে আৱৰি জহি-খহি যাবলৈ ধৰিছে । কোনোবাটো আৱাস গৃহত যদি ওপৰত টিন নাই, আন কোনোবাটোত আকৌ নাই দৰ্জা-খিৰিকী ৷

এক কদৰ্যময় পৰিৱেশৰ মাজতে দিন কটাবলগীয়া হৈছে ইয়াৰে কিছু সংখ্যক আৱাসী । এক কথাত ক’ব পাৰি নামতহে আছে বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো ৷ ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নক লৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে যিমানেই দম্ভালি নামাৰক কিয়, বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে । গতিকে বাঘমাৰা অঞ্চলৰ ৰাইজৰ লগতে চিকিৎসালয়খনত কৰ্মৰত স্বাস্থ্যকৰ্মীয়ে নৱগঠিত চৰকাৰখনক বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰটোৰ হাবি-জংঘলবোৰ আঁতৰ কৰি পৰ্যাপ্ত চিকিৎসক, নাৰ্চ আদিৰে নতুন ৰূপ দি ৰাইজক সু-চিকিৎসা দিয়াৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: গৰু গোহালিত পৰিণত ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.