ETV Bharat / state

Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক ! - Nalbari SI accused of stripping teenage girl naked

অসম আৰক্ষীত তীব্ৰ উত্তেজনা । থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি উপ পৰিদৰ্শকে ফটো তোলাৰ অভিযোগ উঠাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আৰম্ভ কৰিছে তদন্ত ।

Ghograpar Police station incident
উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক
author img

By

Published : Jun 29, 2023, 11:27 AM IST

Updated : Jun 29, 2023, 2:14 PM IST

নলবাৰী,২৯ জুন : নলবাৰী জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । থানাৰ ভিতৰত নিশা কিশোৰীক উলংগ কৰি ফটো তোলাৰ অভিযোগ উঠিছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে । ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনাটো ।

জানিব পৰা মতে ২১ জুনত কিশোৰীগৰাকীয়ে এজন লোকৰ সৈতে পলাই গৈছিল । সেই খবৰ একাংশ লোকে নলবাৰী আৰক্ষীক জনাইছিল । তাৰ পাছত দুয়োগৰাকীকে আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ আৰক্ষী থানালৈ লৈ আহে । অভিযোগ অনুসৰি গোটেই নিশা তেওঁলোকক আৰক্ষীয়ে থানাতে ৰাখিছিল । থানাৰ এগৰাকী আৰক্ষীয়ে নিশা কিশোৰীগৰাকীৰ উলংগ ফটো তুলিছিল ।

অভিযোগ অনুসৰি কিশোৰীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল উপ পৰিদৰ্শকজনে । কিন্তু কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ অমান্তি হোৱাত টাঙোনেৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল উপ পৰিদৰ্শকে । যাৰ বাবে কিশোৰীগৰাকীয়ে কপোৰ খুলিবলৈ বাধ্য হৈছিল । অভিযোগ অনুসৰি উপ পৰিদৰ্শকজনে নিজৰ ম'বাইলেৰে কিশোৰীগৰাকীক উলংগ অৱস্থাত ফটো তুলিছিল । এই সমগ্ৰ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আন আৰক্ষীসকলক অৱগত কৰিছিল ।

কিন্তু কোনো সুফল নোপোৱাত কিশোৰীগৰাকীয়ে শিশু কল্যাণ সমিতিক অৱগত কৰে । অভিযোগ অনুসৰি শিশু কল্যাণ সমিতিয়েও কিশোৰীগৰাকীক সহযোগ নকৰে । অৱশেষত ভুক্তভোগী কিশোৰীগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত উপ পৰিদৰ্শকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । লগতে নলবাৰী জিলা আৰক্ষী অধীক্ষককো ঘটনা সম্পৰ্কে অৱগত কৰে ।

নলবাৰী সদৰ থানাত ২৮৭/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পাছতে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয় । ইতিমধ্যে কিশোৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰা হৈছে । আদালততো ভাষ্য ৰেকৰ্ড কৰা হৈছে ।

অৱশ্যে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত আছে । কিশোৰীগৰাকীৰ এই অভিযোগ কিমান সঁচা তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছত জানিব পৰা যাব কিশোৰীগৰাকী কিমান সঁচা ! উপ পৰিদৰ্শকজনে যদি সঁচাকৈয়ে এনে কাণ্ড সংঘটিত কৰিছে তেনেহ'লে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Crime in Jorhat:পানী যোগান আঁচনিৰ চৌহদতেই চুৰি পাইপ

Last Updated : Jun 29, 2023, 2:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.