ETV Bharat / state

মন্ত্ৰীক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত যুৱক

২০২১ ৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ'বলগা প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক নলবাৰী আৰক্ষীৰ ৷ নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি বিচাৰি এই ভাবুকি প্ৰদান কৰিছিল যুৱকজনে ৷

চাকৰি বিচাৰি ফেচবুকত মন্ত্ৰীক হত্যাৰ ভাবুকি যুৱকৰ
author img

By

Published : Sep 22, 2019, 3:10 PM IST

নলবাৰী , 22 চেপ্তেম্বৰঃ ফেচবুকত হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিল নলবাৰীৰ যুৱক ৷ প্ৰাপ্ত তথ্য মতে, ধৃত লিন্টু কিশোৰ শৰ্মা নামৰ যুৱকজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটি ফেচবুক পোষ্ট যোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল । ২০২১ ৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ'ব লগা প্ৰচাৰ সভাত দেশৰ প্ৰধান মন্ত্ৰীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ হ'ব আৰু এই আক্ৰমণত হিমন্ত বিশ্বৰ মৃত্যু হ'ব বুলি উল্লেখ কৰিছিল যুৱকজনে ৷ উল্লেখ্য যে, নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত তেওঁক চাকৰি দিলে হিমন্ত বিশ্ব শৰ্মা মৃত্যুৰ পৰা হাত সাৰিব বুলি উল্লেখ কৰিছিল লিন্টু কিশোৰ শৰ্মাই ৷ চচিয়েল মিডিয়া যোগে এনেদৰে ভাবুকি প্ৰদান কৰা লিন্টু কিশোৰ শৰ্মাৰ বিৰুদ্ধে এগৰাকী সচেতন যুৱক মেৰাজুদ্দিন আহমেদে নলবাৰী সদৰ আৰক্ষী থানাত তৰা এক গোচৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে বৰভাগৰ আৰংগমৌৰ ঘৰৰ পৰা আটক কৰে যুৱকজনক ৷

Intro:ফেচবুকত মৃত্যুৰ ভাবুকি দি আটক এজন।Body:অৱশেষত আৰক্ষীয়ে আটক কৰিলে লিন্টু কিশোৰ শৰ্মাক ।উল্লেখ্য যে ধৃত লিন্টু কিশোৰ শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটি ফেচবুক পোষ্ট যোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ।২০২১ ৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীত হ'ব লগা প্ৰচাৰ সভাত দেশৰ প্ৰধান মন্ত্ৰীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ হ'ব আৰু এই আক্ৰমণত হিমন্ত বিশ্বৰ মৃত্যু হ'ব ।এইজন লিন্টু কিশোৰ শৰ্মাই এইদৰে ফেচবুকত ভাবুকি প্ৰদান কৰাৰ লগতে হিমন্তৰ মৃত্যু তেওঁৰ হাতৰ মুঠিত বুলি ফেচবুকত পোষ্ট দি হিমন্ত বিশ্ব শৰ্মাক নলবাৰী ডি চি অফিচত চাকৰি দিলে মৃত্যুৰ পৰা হাত সাৰিব বুলি উল্লেখ কৰিছিল ।আৰু চোচিয়েল মিডিয়া যোগে এনেদৰে ভাবুকি প্ৰদান কৰা লিন্টু কিশোৰ শৰ্মাৰ বিৰুদ্ধে এগৰাকী সচেতন যুৱক মেৰাজুদ্দিন আহমেদে নলবাৰী সদৰ আৰক্ষী থানাত তৰিছিল এক গোচৰ ।আৰু সেই গোচৰৰ ভিত্তিতেই শনিবাৰে নিশা নলবাৰী আৰক্ষীয়ে এক অভিযান চলাই বৰভাগৰ আৰংগমৌৰ ঘৰৰ পৰা লিন্টু কিশোৰ শৰ্মাক আটক কৰে ।সম্প্ৰতি আৰক্ষীয়ে ধৃত শৰ্মাক সোধ পোছ অব্যাহত ৰাখিছে ।

বাইট- অভিযুক্ত লিন্টু কিশোৰ শৰ্মা Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.