ETV Bharat / state

প্লাষ্টিকৰ নিষিদ্ধ কৰি নলবাৰীত ১৪৪ ধাৰা জাৰি - পিভিচি আৰু ক্ল'ৰিণ

পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰক প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে । ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক মোনা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি । পলিপ্ৰপিলেন যুক্ত আৰু ফেব্ৰিকৰ দৰে প্লাষ্টিকৰ মোনা উৎপাদন, আমদানি, মজুত আৰু বিক্ৰী কৰিব নোৱাৰিব ।

প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে নলবাৰীত নতুন নিৰ্দেশনা জাৰি

author img

By

Published : Dec 3, 2020, 7:35 PM IST

নলবাৰী, ৩ ডিচেম্বৰ: প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰে মাটি প্ৰদূষণ কেনেকৈ বৃদ্ধি কৰিছে সেয়া সকলোৱে অনুধাৱন কৰিব পাৰিছে । পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে নলবাৰীৰ জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে । জিলাখনত প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে নলবাৰীত নতুন নিৰ্দেশনা জাৰি
প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে নলবাৰীত নতুন নিৰ্দেশনা জাৰি

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, নলবাৰী জিলাত কোনো পাইকাৰী বা খুচুৰা বিক্ৰেতা, ভেন্দৰ, ব্যৱসায়ী, হকাৰ, ফেৰীৱালা আদিকে ধৰি কোনো লোকে ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ মোনা, প্লাষ্টিক চীটচ, ৫০ মাইক্ৰনতকৈ কম ডাঠ বহুতৰপীয়া প্লাষ্টিকৰ পেকেট, ৬০ মিঃমিঃতকৈ কম ব্যাসাৰ্দ্ধৰ আৰু ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ কাপ, কম সময়তে নষ্ট হোৱা পিভিচি আৰু ক্ল'ৰিণ ব্যৱহৃত প্লাষ্টিকৰ মোনা, যিকোনো ঘনত্বৰ(কম ডাঠ) চীটচ, বেনাৰ, ফ্লেক্স, পতাকা আদি ব্যৱহাৰ কৰিব নোৱাৰিব ।

ইয়াৰ উপৰিও এই সামগ্ৰীসমূহৰ উৎপাদন, আমদানি, যোগান, মজুত, পৰিবহণ আৰু বিক্ৰীৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে । কোনো ব্যক্তিয়ে নলবাৰী জিলাত পলিপ্ৰপিলেন যুক্ত আৰু ফেব্ৰিকৰ দৰে প্লাষ্টিকৰ মোনাৰ উৎপাদন, আমদানি, মজুত, বিক্ৰী নাইবা পৰিবহণ আদি কৰিব নোৱাৰিব । কোনো লোকে নলবাৰী জিলাত প্লাষ্টিক কভাৰ, প্লাষ্টিক চীটচ নাইবা প্লাষ্টিক টিউব ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আলোচনী, নিমন্ত্ৰণী পত্ৰ বা শুভেচ্ছা পত্ৰ আদিকে ধৰি যিকোনো কিতাপৰ ক'ভাৰত প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে ।

অৱশ্যে জৈৱ-মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০১৬ৰ অধীনত থকা প্লাষ্টিকৰ মোনা ব্যৱহাৰ এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহ'ব । খাদ্য প্ৰক্ৰিয়াকৰণ, গাখীৰ ৰাখিবলৈ, নাৰ্চাৰীত গছপুলি গজাবলৈ ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় । এই নিষেধাজ্ঞা সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে বলবৎ কৰা হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক:মঙলদৈত হাইজেক ট্ৰাকসহ তিনি চোৰক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.