ETV Bharat / state

কলাত সপ্তম স্থান লাভ অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰিণীতাৰ

author img

By

Published : Jun 25, 2020, 3:43 PM IST

ইতিমধ্যে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত নলবাৰীৰ পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ ৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰা পৰিণীতা বুজৰবৰুৱাই কলা শাখাত সপ্তম স্থান দখলেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷

Parinita bujarbaruah secured 7th position in arts stream hs result 2020 assam etv bharat news
অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰিণীতাৰ কলাত সপ্তম স্থান লাভ

নলবাৰী,25 জুন: সদ্যঘোষিত উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত পাঁচটাকৈ স্থান লাভেৰে নলবাৰী জিলা জিলিকাই তুলিলে পাঁচগৰাকী কৃতিমানে ৷ জিলাখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অসম ভেলী একাডেমি জুনিয়ৰ কলেজৰ পৰা কলা শাখাত পৰিণীতা বুজৰবৰুৱাই দখল কৰিবলৈ সক্ষম হৈছে সপ্তম স্থান । এগৰাকী অধ্যাপক হোৱাৰ আশা পুহি ৰখা ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে দৈনিক ৮/৯ঘণ্টাকৈ অধ্যয়ন কৰিছিল ৷ কোনো ধৰণৰ টিউচনৰ সহায় নোলোৱাকৈ অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে কটন বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰিব ৷

পৰিণীতাৰ কলাত সপ্তম স্থান লাভ

উল্লেখ্য যে,বৰভাগৰ বৰখলা গাঁৱৰ দীপক বুজৰবৰুৱা আৰু দীপিকা বুজৰবৰুৱাৰ কন্যা পৰিণীতাই মহাবিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাৰ ভিত্তিতে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল বুলি ব্যক্ত কৰিছে ৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে কোনো শিক্ষাৰ্থীয়ে স্থান অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

লগতে চাওকঃ বাণিজ্যত অষ্টম স্থান দখলেৰে উজলিল নলবাৰীৰ প্ৰিয়া জৈন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.