ETV Bharat / state

নলবাৰীত ছাত্ৰীক যৌন নিৰ্যাতনঃ ৰঙা ঘৰৰ আলহী শিক্ষক

author img

By

Published : Nov 27, 2019, 6:22 PM IST

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এ.পি.জে.আব্দুল কালাম কনিষ্ঠ মহাবিদ্যালয়ত সংঘটিত হ'ল এক জঘন্য ঘটনা ৷ ছাত্ৰীক যৌন নিৰ্যাতন চলায় দুষ্ট চক্ৰক বিক্ৰীৰ অপচেষ্টা বিবাহিত শিক্ষকৰ ৷

ETV BHARAT
নলবাৰীত ছাত্ৰীক যৌন নিৰ্যাতনত লিপ্ত হৈ ৰঙা ঘৰৰ আলহী হ'ল শিক্ষক

নলবাৰী, 27 নৱেম্বৰঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এ.পি.জে.আব্দুল কালাম কনিষ্ঠ মহাবিদ্যালয়ত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় খনৰ শিক্ষক আমিনুৰ ইছলামৰ বিৰুদ্ধে ৷

যিটো সময়ত শিক্ষকে গীত,নৃত্যৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি ব্যাপক চৰ্চা লাভ কৰিছে,তেনে সময়তে শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতনৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এই জঘন্য ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এ.পি.জে.আব্দুল কালাম কনিষ্ঠ মহাবিদ্যালয়ত। মহাবিদ্যালয় খনৰ শিক্ষক তথা পৰিচালনা সমিতিৰ সম্পাদক আমিনুৰ ইছলামৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ছাত্ৰীগৰাকীক দীৰ্ঘদিন ধৰি আমিনুৰ ইছলামে প্ৰেমৰ চলেৰে চলাইছিল যৌন নিৰ্যাতন। উক্ত ঘটনাৰ বাবে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক হোষ্টেলৰ পৰা ঘৰলৈ নিব বিচাৰিছিল ৷ কিন্তু অবি অভিযুক্ত আমিনুৰে হোষ্টেলৰ পৰা যাবলৈ দিয়া নাছিল ছাত্ৰী গৰাকীক। আনহাতে অভিযুক্ত আমিনুৰে বিভিন্ন প্ৰলোভন দি দুষ্ট চক্ৰক গতাই দিয়াৰ উদ্দেশ্যে হাজোৰ বুল্লুতৰ মতিউৰ ৰহমানৰ লগত পঠিয়াই দিছিল ছাত্ৰীগৰাকীক। আৰু লম্পট মতিউৰে ছাত্ৰীগৰাকীক নিজ গৃহত তোলা ছাত্ৰীগৰাকীৰ ফটো চেয়াৰ কৰিছিল বহুজনক। তেনে সময়তে ছাত্ৰীগৰাকীৰ পৰিয়ালে মুকালমুৱা থানাত এখন এজাহাৰ দাখিল কৰে। অৱশেষত নিশাৰ ভাগত মতিউৰে ছাত্ৰীগৰাকীৰ সৈতে হাজো থানাত হাজিৰ হয়। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক আমিনুৰ ইছলামে ছাত্ৰীগৰাকীক অপহৰণ কৰি নি দেহ ব্যৱসায়ৰ লগত জড়িত দুষ্ট চক্ৰক গতাই দিয়াৰ চেষ্টা কৰা বুলি সন্দেহ পৰিয়ালৰ। ইতিমধ্যে অভিযুক্ত আমিনুৰ আৰু মতিউৰক মুকালমুৱা আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে,বিবাহিত আমিনুৰ ইছলামৰ ঘৰ বৰপেটা জিলাত।

লগতে পঢ়কঃবিশ্বাসহীন হৈ পৰিছে প্ৰেম-প্ৰতিশ্ৰুতি : প্ৰতাৰিত যুৱতীয়ে ল'লে এই সিদ্ধান্ত

Intro:প্ৰেমৰ চলনাৰে ছাত্ৰীক বিক্ৰী ৰ অভিযোগ Body:

যিটো সময়ত শিক্ষকে গীত,নৃত্যৰে ছাত্র-ছাত্ৰীক পাঠদান কৰি ব্যাপক চৰ্চা লাভ কৰিছে তেনে সময়তে শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে এইখন অসমত।এই ঘটনা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এ.পি.জে.আব্দুল কালাম কনিষ্ঠ মহাবিদ্যালয়ত ঘটিছে।।মহাবিদ্যালয় খনৰ শিক্ষক তথা পৰিচালনা সমিতিৰ সম্পাদক আমিনুৰ ইছলামৰ বিৰুদ্ধে যৌন নিৰ্যাতন,অপহৰণৰ অভিযোগ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ।পৰিয়ালৰলোকে জানিব দিয়া মতে-ছাত্ৰীগৰাকীক দীৰ্ঘদিনে লম্পট আমিনুৰ ইছলামে প্ৰেমৰ চলেৰে চলাইছিল যৌন নিৰ্যাতন।সেয়েহ পৰিয়ালৰলোকে ছাত্ৰীগৰাকীক হোষ্টেলৰ পৰা ঘৰলৈ নিব বিছাৰিছিল যদিও পৰিচালনা সমিতিৰ সম্পাদক লম্পট আমিনুৰে হোষ্টেলৰ পৰা যাব দিয়া নাছিল।সোমবাৰে লম্পট আমিনুৰে বিভিন্ন প্ৰলোভন দি দুষ্ট চক্ৰক গতাই দিয়াৰ উদ্দেশ্যে হাজোৰ বুল্লুতৰ মতিউৰ ৰহমানৰ লগত পঠিয়াই দিছিল ছাত্ৰীগৰাকীক।আৰু লম্পট মতিউৰে ছাত্ৰীগৰাকীক নিজ গৃহক নি ছাত্ৰীগৰাকীৰ ফটো চেয়াৰ কৰিছিল বহুজনলৈ।তেনে সময়তে ছাত্ৰীগৰাকীৰ পৰিয়ালে ছাত্ৰীগৰকাকীক কলেজত নাপায় সন্দেহ ওপজি মুকালমুৱা থানাত এজাহাৰ দাখিল কৰে।তাৰপিছতে বিফল হয় ছাত্ৰীগৰাকীক দুষ্ট চক্ৰক গতাই দিয়াৰ ব্লুপ্ৰিন্ট ৰচনা হয়। অৱশেষত নিশাৰ ভাগত লম্পট মতিউৰে ছাত্ৰীগৰাকীৰ সৈতে হাজো থানাত হাজিৰ হয়।মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক লম্পট আমিনুৰ ইছলামে ছাত্ৰীগৰাকীক অপহৰণ কৰি নি দেহ ব্যৱসায়ৰ লগত জড়িত দুষ্ট চক্ৰক গতাই দিয়াৰ সন্দেহ পৰিয়ালৰলোকৰ।মংগলবাৰে ছাত্ৰীগৰাকী সহ লম্পট আমিনুৰ আৰু মতিউৰক মুকালমুৱা থানাত হাজিৰ কৰোৱাই জেৰাৰ অন্তত লম্পট দুয়োজনক জেল হাজতলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে-বিৱাহিত লম্পট আমিনুৰ ইছলামৰ ঘৰ বৰপেটা জিলাত।

Bite.আমিনুৰ
bite.ছাত্ৰী
Conclusion:কৈলাস ডেকা, নলবাৰী ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.