নলবাৰী, 5 জুলাই : অসমৰ বোৱাৰী হ'ল ছুইডেনৰ অলিভিয়া । সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ল নলবাৰীৰ দ্বিপেন মেধি আৰু ছুইডেনৰ অলিভিয়া । এতিয়াৰে পৰা ছুইডেনৰ অলিভিয়া হ'ব নলবাৰীৰ বোৱাৰী অলিভিয়া মেধি(Olivia from Sweden become daughter in law of Assam) ৷
নলবাৰী জিলাৰ গোৱৰাদলৰ দ্বিপেন মেধিয়ে ছ'চিয়েল মিডিয়া যোগে চিনাকি হৈছিল অলিভিয়াৰ সৈতে ৷ পিছত তেওঁলোকৰ এই চিনাকি প্ৰেমলৈ ৰূপান্তৰিত হয় ৷ ইয়াৰ পিছতে সাত সাগৰ তেৰ নদী পাৰ হৈ অসমৰ বোৱাৰী হ'বলৈ আহিল ছুইডেনৰ অলিভিয়া ৷
সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰ মাজেৰে সোমবাৰে বিবাহ পাশত আৱদ্ধ হয় দ্বিপেন আৰু অলিভিয়া। ছুইডেনৰ অলিভিয়াক চাবলৈ দৰাৰ ঘৰত লানি নিচিগা শাৰী ৷ কৰ্মসূত্ৰে দিল্লীত থকা নলবাৰীৰ দ্বিপেন আৰু ছুইডেনৰ অলিভিয়াৰ বিবাহ চাবলৈ ভিৰ কৰেহি ভালে সংখ্যক লোকে ।
উৰুলি, মাহ-হালধিৰে গা ধুওৱাৰ পিছত দুয়োজনে শংকৰী ৰীতি নীতিৰে যুগ্মজীৱনৰ আৰম্ভণি কৰে । নলবাৰীৰ দ্বিপেন আৰু ছুইডেনৰ অলিভিয়াৰ বিবাহক লৈ নলবাৰীত এতিয়া ব্যাপক চৰ্চা ৷
লগতে পঢ়ক : Drone at JK : জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ সীমান্তত ড্ৰোন