ETV Bharat / state

কিদৰে , কেনেকৈ আছে অসমীয়াৰ স্বাভিমান জাপি শিল্পীসকল ? - নলবাৰী

অসমীয়াৰ সন্মানসূচক জাপি তৈয়াৰত ব্যস্ত নলবাৰী জিলাৰ শিল্পসমাজ ৷ বছৰ বছৰ ধৰি এই শিল্পৰ লগত জড়িত থকাৰ পাচতো আজি নিৰ্মাণৰ সামগ্ৰী কিনিবলৈ এইসকল অসমৰ্থ ৷ চৰকাৰৰ সহায় অবিহনে এই শিল্প নিচিহ্ন হোৱাৰ পথত বুলিও উল্লেখ কৰে শিল্পীসকলে ৷

জাপি নিৰ্মাণত ব্যস্ত নলবাৰী জিলাৰ জাপি শিল্পৰ শিল্পীসকল
author img

By

Published : Mar 21, 2019, 6:47 PM IST

নলবাৰী, 21 মাৰ্চ : প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন ৷ নিথৰহৈ পৰা গছজোপাতো ফুল-পাতে পোখা মেলিছে, কুলিৰ সোৱলা মাতে প্ৰকৃতিক ন-ৰূপ দিছে ৷ বসন্তৰ আগমনত ৰঙালী বিহুৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ ঢুলীয়া-নাচনীৰ লগতে জাপি শিল্পৰ শিল্পীসকল ৷ হালোৱা-ৰোৱনীয়ে খেতি পথাৰত জাপি ব্যাৱহাৰ কৰাৰ উপৰিও জাপিয়ে বিশেষভাৱে সমাদাৰ লাভ কৰে ৰঙালী বিহুৰ সময়ত ৷ বিশেষভাৱে অসমৰ নলবাৰী জিলাক জাপি উদ্যোগৰ প্ৰাণকেন্দ্ৰ বুলিও আখ্যা দিয়া হয় ৷ বসন্তৰ আগমনৰ লগে লগে জিলাখনৰ বহুলোক বিশেষভাৱে সাজু হৈ পৰে জাপি তৈয়াৰৰ বাবে ৷ জিলাখনৰ মুগকুছি,তিলানা,দীঘেলী আৰু সূতাৰকুছিত সৰ্বাধিক ভাৱে তৈয়াৰ কৰা হয় জাপি ৷

জাপি নিৰ্মাণত ব্যস্ত নলবাৰী জিলাৰ জাপি শিল্পৰ শিল্পীসকল

উল্লেখযোগ্য যে, বিহুৰ প্ৰাকক্ষণত জিলাখনৰ জাপি শিল্পীসকলে দিনে-নিশাই ব্যস্ত হৈ পৰে জাপি তৈয়াৰত ৷ ফুলাম জাপিৰ পৰা আৰম্ভ কৰি হালোৱা জাপিলৈকে তৈয়াৰ কৰি তোলে শিল্পীসকলে ৷ আনকি এই জাপিসমূহ অসমৰ ভিন্ন প্ৰান্তত ৰপ্তানি কৰা হয় যদিও আৰ্থিক দৈন্যতাৰ বাবে খুব কম সংখ্যক লোকেহে এই জাপি নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰে বুলি মত প্ৰকাশ কৰে শিল্পীসকলে ৷ এই গাওঁকেইখনৰ লোকসকলে কেইবা দশক ধৰি বংশানুক্ৰমে জাপি তৈয়াৰ কৰি আহিছে যদিও অসম চৰকাৰে এই লোকসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো দাবী উত্থাপন কৰে শিল্পীসকলে ৷ লগতে জাপি নিৰ্মাণত ব্যৱহাৰ কৰা বাঁহ,টকৌপাত,সূতা,কাপোৰ,চুমকিৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিবলৈও অসুবিধাৰ সন্মুখীন হোৱাৰ কথা ব্যক্ত কৰাৰ লগতে যুগ যুগ ধৰি জাপি প্ৰস্তুত কৰি অসমীয়া জাতীয় জীৱনক চহকী কৰি ৰখা এই শিল্পীসকলৰ বাবে অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসমীয়া জাতীয় জীৱনৰ লগত জড়িত থকাএই শিল্পনিশ্চিহ্ন হোৱাটো স্বাভাৱিক বুলিও মন্তব্য কৰে ৷

Intro:বিহুৰ বাবে সাজু হৈ উঠিছে নলবাৰীৰ জাপি শিল্পী সকল।

কি পৰ্যায়ত জাপি শিল্পী সকল‌

হেৰাই যাব নেকি জাপি শিল্প।

কেতিয়া শুনিৱ জাপি শিল্পীৰ বিননি ৰজাঘৰে।

Body:প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন।চতৰ শেষত আকৌ আহি পাবহি অসমীয়াৰ প্ৰাণৰ বহাগ।গছ বনত এতিয়া কুলিৰ শুৱলা মাত ।আম জামো ফলিয়ালে।কপৌ ফুলিল।এতিয়া মাথো চৌদিশে বহাগৰ আগমনৰ বতৰা।সেউজীয়া ধৰণীৰ মাজে মাজে চলিছে ঢোল পেপাৰ গুমগমণি বিহুৰ আখৰা।পিছে বিহুত বিহু মঞ্চ শুৱনি কৰাৰ লগতে জাপিক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।ৰঙালী বিহুৰ সময়ত এই ফুলাম জাপি সমুহে বিশেষ সমাদৰ পায়।সমান্তৰাল ভাবে হালোৱা জাপিৰো খেতি পথাৰত ব্যৱহাৰ কৰা হয় ।আৰু এতিয়া ফুলাম জাপি তৈয়াৰ কৰাত ব্যস্ত নলবাৰীবাসী।জিলাখনৰ মুগকুছি,তিলানা,দীঘেলী,সূতাৰকুছিত সৰ্বাধিক জাপি তৈয়াৰ কৰা হয়।উল্লেখযোগ্য যে এই জাপি শিল্পী সকলে বিহুৰ প্ৰাকক্ষণত দিনে নিশাই ব্যস্ত হৈ পৰে জাপি শিল্পী সকল‌।আনহাতে এই জাপি সমূহ অসমৰ ভিন্ন প্ৰান্তত ৰপ্তানি কৰা হয়।অসমীয়া জাতীয় জীৱনৰ লগত জড়িত থকা এই জাপি শিল্পী এই গাওঁ কেইখনৰ লোকসকলে কেইবা দশক ধৰি বংশানুক্ৰমে প্ৰস্তুত কৰি আহিছে।বাহ,টকৌপাত,সুতা,কাপোৰ, চমুকিৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰীৰে প্ৰস্তুত কৰি এই সমূহ।

Conclusion:যুগ যুগ ধৰি জাপি প্ৰস্তুত কৰি অসমীয়া জাতীয় জীৱনক চহকী কৰি ৰখা এই শিল্পী সকল বঞ্চিত হৈ আছে ৰজাঘৰীয়া ৰ কৃপাদৃষ্টিৰ পৰা।আৰ্থিক দৈন্যতাৰ কাৰণে শিল্পীসকলৰ উত্তৰসূৰীয়ে অনিশ্চা স্বত্তেও আন জীবিকা বিচাৰিবলৈ বাধ্য হৈছে।চৰকাৰৰ তৰফৰ পৰা এইসকল শিল্পীক সাহাৰ্য প্ৰদান নকৰিলে অসমীয়া জাতীয় জীবনৰ লগত জড়িত থকা এই শিল্প নিশ্চিহ্ন হোৱাটো স্বাভাৱিক।

বাইট

নলবাৰীৰ পৰা কৈলাস ডেকা,ETV ভাৰত অসম‌।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.