নলবাৰী, 30 জুন: নলবাৰীৰ বেলশৰ থানাৰ চক্ৰ পৰিদৰ্শক নিৰ্মল বিশ্বাসক ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি ৷ ঘগ্ৰাপাৰ থানাৰ অভিযুক্ত পলাতক ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ স্থানত নিযুক্তি দিয়া হয় নিৰ্মল বিশ্বাসক ৷ থানাৰ ভিতৰতে কিশোৰীৰ আপত্তিজনক ফটো লোৱাৰ অভিযোগ উঠিছিল বিমান ৰয়ৰ বিৰুদ্ধে ৷ ইয়াৰ পাচত সমগ্ৰ বিষয়টোক লৈ তৎপৰ হৈ পৰিছিল অসম আৰক্ষী ৷ গ্ৰহণ কৰিছিল এটাৰ পিছত আনটো পদক্ষেপ ৷
ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপনৰ পাচত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে তেওঁক নিলম্বন কৰাৰ লগতে পলাতক ঘোষণা কৰে ৷ তেওঁ লগতে বিমল ৰয়ৰ তথ্য লাভ কৰিলে নলবাৰীৰ আৰক্ষী অধীক্ষকক অৱগত কৰিবলৈ আহ্বান জনাই সন্ধান দিওঁতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটটোত উল্লেখ কৰা অনুসৰি বিমান ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ 12/14(1) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷
ইফালে বিমান ৰয়ৰ নিলম্বনৰ পিচত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি দিয়া হয় বেলশৰ থানাৰ চক্ৰ পৰিদৰ্শক নিৰ্মল বিশ্বাসক ৷ অভিযোগ অনুসৰি মাজনিশা থানাৰ ভিতৰতে আটকাধীন এগৰাকী কিশোৰীক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল পলাতক আৰক্ষী বিষয়া বিমান ৰয়ে ৷ কিন্তু কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ অমান্তি হোৱাত আৰক্ষী বিষয়াজনে কিশোৰী গৰাকীক আক্ৰমণৰ ভাবুকি দিছিল ৷ যাৰবাবে কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ বাধ্য হৈছিল আৰু উলংগ অৱস্থাত কিশোৰীগৰাকীৰ ফটো তুলিছিল আৰক্ষী বিষয়াজনে ৷
পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । কিশোৰীগৰাকীয়ে লগতে নলবাৰী জিলা আৰক্ষী অধীক্ষককো এই নিকৃষ্ট ঘটনা সম্পৰ্কে অৱগত কৰে ৷ সম্প্ৰতি পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
লগতে পঢ়ক: Ripun Bora: আৰক্ষীৰ বৰ্ধিত অপৰাধজনিত কাণ্ডৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া ৰিপুন বৰাৰ