ETV Bharat / state

পদপথৰ দোকানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ - পদপথৰ দোকানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ

নলবাৰীৰ পদপথত দোকান দিয়া সাধাৰণ দোকানীৰ ৰূপত অসাধাৰণ এগৰাকী ব্যক্তি । ৰাষ্ট্ৰীয় সাঁতোৰবিদে পাণ দোকান দি চলাইছে পৰিয়াল । এসময়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইজন খেলুৱৈ কেনেকৈ হ’ল পদপথৰ দোকানী ? চাওঁক এই প্ৰতিবেদন ৷

national-wise-swimmer-in-foot-shops
পদপথৰ দোকানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ
author img

By

Published : Jul 17, 2021, 9:32 PM IST

Updated : Jul 18, 2021, 8:55 AM IST

নলবাৰী, 17 জুলাই : নলবাৰীৰ পদপথত এজন অসাধাৰণ ব্যৱসায়ী ৷ সাধাৰণ দোকান এখনেৰে চলাইছে নিজৰ জীৱন সংগ্ৰাম ৷ এইজন কালিন্দ্ৰ হালৈ এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ ৷ নিজৰ প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে মাত্ৰ 18 বছৰ বয়সতে কৰ্ণাটকৰ হাৰোৱালত অনুষ্ঠিত ফ্ৰী ষ্টাইল ৰীলেত অসমৰ হৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ কালিন্দ্ৰ হালৈ এতিয়া ফুটপাথৰ পাণ-তামোলৰ দোকানীৰূপে পৰিচিত ৷ বৰ্তমান সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ফুটপাথত পাণ-তামোলৰ দোকান দিয়া কাৰ্য সহজ হৈ পৰিছে । চৰকাৰৰ আহিল চৰকাৰ গ'ল, কোনোবা বিধায়ক হ'ল, কোনোবা আকৌ মন্ত্ৰী হ'ল, কিন্তু কোনো এজন মন্ত্ৰী-বিধায়কৰ দৃষ্টিগোচৰ নহ'ল সেইসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৷ তেনে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে বৰ্তমান ফুটপাথত পাণ-তামোলৰ দোকানৰে জীৱন-নিৰ্বাহ কৰি আছে এমুঠি অন্নৰ বাবে ।

পদপথৰ দোকানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ

নলবাৰীৰ বিষ্ণুপুৰৰ ভৰত হালৈ আৰু অমূল্যা হালৈৰ তৃতীয় পুত্ৰ কালিন্দ্ৰ হালৈ তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদক আজি নলবাৰীবাসীৰ লগতে ৰজাঘৰীয়াও যেন পাহৰি পেলালে । প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে মাত্ৰ 18 বছৰ বয়সতে কৰ্ণাটকৰ হাৰোৱালত অনুষ্ঠিত ফ্ৰী ষ্টাইল ৰীলেত অসমৰ হৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । কালিন্দ্ৰৰ এই পদকটোৱে আছিল ৰাষ্ট্ৰীয় স্কুল সাঁতোৰ প্ৰতিযোগিতাত অসমৰ প্ৰথমটো পদক ।

1994 চনত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ তেওঁ এক অভিলেখ সৃষ্টি কৰিছিল । এই দুঃসাহসিক কামৰ বাবে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু পত্নীয়ে পুৰস্কাৰ হিচাপে আগবঢ়াইছিল 6 হাজাৰ টকা, মানপত্ৰ আৰু এটা হাতঘড়ী । তেওঁ আজিও পাহৰিব পৰা নাই বিমলা প্ৰসাদ চলিহা চুইমিং পুলত ল’ৰাৰ শাখাত স্বৰ্ণপদক লাভ কৰি অসমৰ দৰ্শকৰ মন জয় কৰাৰ কথা । অসম তথা ভাৰতৰ বিভিন্ন ঠাইত সাঁতোৰ খেলেৰে ক্ৰীড়াজগতত নিজৰ নাম লিপিবদ্ধ কৰা ৰাষ্ট্ৰীয় খেলুৱৈ কালিন্দ্ৰ হালৈয়ে বৰ্তমান এখন পাণ-তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰি আছে ৷

এইগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈয়ে কাতৰ অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱালৈ যাতে এটি স্থায়ী উপাৰ্জনৰ পথ মুকলি কৰি দি পৰিয়ালটোক লঘোণ নপৰাকৈ ৰাখিব পাৰে । কোনো ধৰণৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ খেলুৱৈগৰাকীক ক্ৰীড়া বিভাগত চাকৰি দিয়া হৈছিল ৷ পৰৱৰ্তী সময়ত বিভাগীয় বিষয়াই গছ কাটিব দিয়াত দুৰ্ঘটনা ঘটি আজিও এখন হাতেৰে কোনো কাম কৰিব নোৱাৰা পৰ্যায় পায় খেলুৱৈগৰাকীৰ ৷ প্ৰশ্ন হয়, একালত অসমলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী সাঁতোৰবিদক সঁহাৰি দিবনে চৰকাৰে ?

লগতে পঢ়ক: লংকাত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ চুৰিৰ অপচেষ্টা

Last Updated : Jul 18, 2021, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.