নলবাৰী, 5 ডিচেম্বৰ : এইখনে অসমতে সম্ভৱপৰ হৈছে মুকুতাৰ খেতি (Farming of pearl in Assam)৷ আপোনাৰ শুনি আচৰিত যেন লাগিলেও অসম মুলুকত এয়া এতিয়া সম্ভৱ ৷ আপোনাৰ ঘৰত থকা সৰু পুখুৰীটোতে এতিয়া আপুনি কৰিব পাৰিব মুকুতাৰ খেতি ৷ সাধাৰণতে সমুদ্ৰতীৰত উপলব্ধ মুকুতাৰ আছে যথেষ্ট চাহিদা (Demand of pearl) ৷
![Farming of pearl in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-01-1jan22-story-pearlsamuel-v-as10004_01012022095039_0101f_1641010839_967.jpg)
এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া চীন, ভিয়েটনাম, বাংলাদেশকে ধৰি বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰই মুকুতা উৎপাদনত গ্ৰহণ কৰি আহিছে এক বিশেষ ভূমিকা ৷ শেহতীয়াকৈ ভাৰততো বহুকেইখন ৰাজ্যত সফলতাৰে মুকুতাৰ খেতি কৰি লাভ কৰিছে যথেষ্ট সমাদৰ ৷ ইয়াৰ ভিতৰত ৰাজস্থান, ওড়িশা আদি কেইবাখনো ৰাজ্য হৈছে অন্যতম ৷
![Farming of pearl in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-01-1jan22-story-pearlsamuel-v-as10004_01012022095039_0101f_1641010839_263.jpg)
অতি কম মূলধন বিনিয়োগ কৰি এই খেতিৰ জড়িয়তে উপাৰ্জন কৰিব পাৰি লক্ষাধিক টকা ৷ কেইটিমান বিশেষ প্ৰদ্ধতি অৱলম্বন কৰিলেই এবছৰৰ অন্তত আপোনাৰ পুখুৰীটোৰ পৰাই উৎপাদন হ’ব বৰ্তমানৰ সমাজত যথেষ্ট চাহিদা থকা মুকুতা (Processes of Pearl farming)৷ সেই কামকেই এতিয়া বাস্তৱত ৰূপায়ন কৰি দেখুৱাইছে অসমৰ এগৰাকী যুৱকে ৷
মুকুতাৰ খেতিৰে স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা এইগৰাকী যুৱক হৈছে নলবাৰীৰ পকোৱাৰ সঞ্জীৱ দত্ত ৷ প্ৰায় দুবছৰ পূৰ্বৰে পৰা সঞ্জীৱ দত্তই কৰি আহিছে এই খেতি ৷ 2019 চনত পৰীক্ষামূলকভাৱে মুকুতাৰ খেতি কৰিবলৈ আৰম্ভ কৰা সঞ্জীৱে এই খেতিৰ প্ৰতি আকৰ্ষিত হয় ৷
![মুকুতা বিচাৰি যাব নেলাগে সাগৰলৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-01-1jan22-story-pearlsamuel-v-as10004_01012022095039_0101f_1641010839_15.jpg)
এটা শামুকৰ পৰা উৎপাদন হয় দুটাকৈ মুকুতা ৷ প্ৰথমে সংগ্ৰহ কৰা কাণখোলা শামুকৰ এক বিশেষ অস্ত্ৰোপচাৰ কৰি পুখুৰীত এৰি দিয়া হয় ৷ ইয়াৰ পিছত এবছৰৰ অন্তত শামুকৰ খোলাৰ ভিতৰত উৎপাদন হয় এই বহুমূলীয়া মুকুতা ৷
দীৰ্ঘদিনৰ পৰা সংবাদ ক্ষেত্ৰৰ লগতো জড়িত থকা নলবাৰীৰ সঞ্জীৱ এতিয়া জিলাখনৰ একাংশ শিক্ষিত নিবনুৱাৰ বাবে হৈ পৰিছে এগৰাকী আদৰ্শ খেতিয়ক ৷ মুকুতা খেতিৰে স্বাৱলম্বিতাৰ পথ উলিওৱা সঞ্জীৱ দত্তৰ এই প্ৰচেষ্টাক সকলোৱে লৈছে শলাগ ৷
লগতে পঢ়ক : পূৰ্ণাংগ মন্ত্ৰী পৰিষদে পৰিচালনা কৰা অসমৰ এখন ব্যতিক্ৰমী গাঁও