নলবাৰী, 18 জুনঃ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ নালান্দা পাব্লিক স্কুলত অঘটন ৷ দশম আৰু নৱম শ্ৰেণীৰ চাৰিগৰাকীকৈ ছাত্ৰী হঠাতে মূৰ্ছা যোৱাত এক অভাবনীয় পৰিবেশৰ সৃষ্টি হয় স্কুলখনত । ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্ৰী কেইগৰাকীক ।
আনফালে এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত গাপ দিয়াৰ চেষ্টা চলাই বিদ্যালয় কতৃপক্ষই ৷ সাংবাদিকক বাতৰি সংগ্ৰহ কৰাত বাধা আৰোপ কৰে বিদ্যালয় কতৃপক্ষই । বিদ্যালয়খনৰ ছাত্ৰী তৃষ্ণা বৰা, স্বপ্না সিং, গীতু ডেকা, কৃতি জৈন চিকিৎসাধীন হ’ব লগা হয় ।
প্ৰকৃততে কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল এতিয়াও স্পষ্টকে জানিব পৰা হোৱা নাই । উল্লেখ্য যে, বাৰে বাৰে বিতৰ্কত সোমাই পৰা এইখন বিদ্যালয়লত পূৰ্বেও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে । যাৰ বাবে অভিভাৱক-অভিভাবিকা সকল বিতুষ্ট হৈ পৰিছে ।