নলবাৰী, 11 নৱেম্বৰ: নলবাৰী জিলাৰ বাটসৰত "প্ৰজন্ম"ৰ উদ্যোগত সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত প্ৰজন্মই তেওঁলোকৰ "২০১৯ প্ৰজন্ম বঁটা" প্ৰদান কৰে । অসমৰ চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ প্ৰদান কৰা হয় এই বঁটা । বঁটাত দিয়া হয় ফুলাম জাপি,গামোচা,শৰাই,মানপত্ৰ,বকুল ফুলৰ পুলিৰ লগতে নগদ পাঁচ হাজাৰ টকা ৷
জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে অভিনেত্ৰী গৰাকীক এই বঁটা প্ৰদান কৰে । উল্লেখ্য যে,দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই নাট প্ৰতিযোগিতাত অসমৰ ১১ টাকৈ নাট্য দলে অংশ গ্ৰহণ কৰে । অভিনেত্ৰীগৰাকীয়ে উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাওকঃ শৰৎ কালৰ পূৰ্ণিমাৰ ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হ'ব ৰাজ্যৰ ভক্তগণ..