ETV Bharat / state

SI নিযুক্তি কেলেংকাৰীঃ নলবাৰীৰ পৰা পুনৰ তিনিজনক আটক

author img

By

Published : Sep 26, 2020, 6:25 PM IST

Updated : Sep 26, 2020, 8:20 PM IST

শুকুৰবাৰে কুলদ্বীপ ৰাজবংশীৰ ঘৰত অভিযান চলাই নলবাৰী আৰক্ষীয়ে বহু কেইটা ম'বাইল, কেইবাখনো ছিম কাৰ্ড আৰু নথি-পত্ৰ জব্দ কৰাৰ অন্তত শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে ।

nalbari police arrest one accused namely kuldeep rajbonshi
নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কুলদ্বীপ ৰাজবংশী

নলবাৰী, 26 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্ত কেলেংকাৰীত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ যুৱক কুলদ্বীপ ৰাজবংশী ৷ বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কুলদ্বীপ ৰাজবংশীক । শুকুৰবাৰে কুলদ্বীপ ৰাজবংশীৰ ঘৰত অভিযান চলাই নলবাৰী আৰক্ষীয়ে বহু কেইটা ম'বাইল, কেইবাখনো ছিম কাৰ্ড আৰু নথি-পত্ৰ জব্দ কৰাৰ অন্তত শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে, কুলদ্বীপ ৰাজবংশীয়ে সাংবাদিকৰ আগত কুমুদ গোস্বামী নামৰ এগৰাকী লোকৰ নাম উল্লেখ কৰিছে ৷ ইতিমধ্যে এই কাণ্ডৰ লগত কুমুদ গোস্বামী জড়িত থকা বুলি চৰ্চা হোৱাৰ পাছৰে পৰা নলবাৰী আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ উপ-পৰিদৰ্শকৰ পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ধৃত কুলদীপ ৰাজবংশী নৱনিৰ্মান ভাৰত নামৰ এটা সংগঠনৰ ৰাজ্যিক সভাপতি ।

নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কুলদ্বীপ ৰাজবংশী

লগতে পঢ়কঃ যোগান মন্ত্ৰীলৈ ইমান খং কিয় ছাত্ৰ সন্থাৰ ?

ইপিনে শনিবাৰে সন্ধিয়া পৰলৈ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত পুনৰ তিনিজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে ৷ তিনিওকে সোধা-পোছাৰ বাবে আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে ৷ তদন্তৰ খাতিৰত এতিয়ালৈ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে ।

Last Updated : Sep 26, 2020, 8:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.