ETV Bharat / state

নলবাৰীত মৰেল পুলিচঃ যুৱতীক গোৰ সোধালে যুৱকে! - Nalbari moral police

নলবাৰীত সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা ৷ মৰেল পুলিচৰ নামত ভগ্নীসম যুৱতীক পিছপিনৰ পৰা লঠিয়াই বীৰত্ব প্ৰদৰ্শন যুৱকৰ ৷

নলবাৰীত সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা
author img

By

Published : Nov 6, 2019, 11:43 PM IST

নলবাৰী, 6 নৱেম্বৰঃ নলবাৰীত সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা ৷ মৰেল পুলিচৰ নামত ভগ্নীসম যুৱতীক পিছপিনৰ পৰা লঠিয়াই বীৰত্ব প্ৰদৰ্শন যুৱকৰ ৷

ঘটনা অনুসৰি নলবাৰীৰ বতাহঘিলাত কালি সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা ৷ এটা ঘৰত ফটো উঠিবলৈ গৈছিল এজন যুৱক আৰু এগৰাকী যুৱতী ৷ কিন্তু অসৎ কাৰ্যত লিপ্ত হোৱাৰ সন্দেহত স্থানীয় ৰাইজে দুয়োকে আটক কৰি আৰক্ষীক গটাই দিয়ে ৷ নলবাৰী আৰক্ষীয়ে 3/4 IT(P) actৰ অধীনত গোচৰ ৰুজু কৰি যুৱকজন আৰু বতাহঘিলাৰ ঘৰটোৰ গৰাকী যুৱতীগৰাকীক জেললৈ প্ৰেৰণ কৰে যদিও কিশোৰজনক মাকৰ জিম্মাত দি জামিন মঞ্জুৰ কৰে ৷

নলবাৰীত মৰেল পুলিচৰ ঘটনা

উল্লেখ্য যে, স্থানীয় লোকে যুৱকজন আৰু কিশোৰীগৰাকীক আৱদ্ধ কৰি গালি গালাজ কৰাৰ সময়তে মৰেল পুলিচৰূপী স্থানীয় যুৱক এজনে যুৱতীগৰাকীক পিছপিনৰ পৰা লঠিয়ায় ৷ এতিয়া প্ৰশ্ন হয় আইনক নিজৰ হাতত তুলি লোৱা এই যুৱকজনক নিজৰ ভগ্নীসম যুৱতী এগৰাকীক এনেদৰে শাৰীৰিক নিৰ্যাতনৰ অধিকাৰ কোনে প্ৰাদান কৰিলে ৷ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বহুলোকে মৰেল পুলিচৰূৰী যুৱকজনৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ৷

Intro:টিকটক কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী এহাল যুৱক যুৱতী।Body:নলবাৰীত টিকটক কৰি ফটো উঠিবলৈ গৈ ৰঙা ঘৰৰ আলহী হল এহাল যুবক যুবতী । নলবাৰীৰ বতাহগিলাত কালি সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা । এইটো ঘৰত কালি ফটো উঠিবলৈ গৈছিল এইগৰাকী যুবক আৰু এইগৰাকী কিশোৰী । পিছে স্থানীয় লোকৰ ৰোষত পৰিল এইজন যুবক আৰু এইগৰাকী কিশোৰী । অসৎ কাৰ্যত লিপ্ত হোৱাৰ সন্দেহ কৰি স্থানীয় লোকে এওলোকক আবদ্ধ কৰি গতাই দিলে আৰক্ষীক । লগতে ঘৰটোৰ গৰাকী এগৰাকী যুবতীকো ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে । নলবাৰী আৰক্ষীয়ে 3/4 IT(P) actৰ অধীনত গোচৰ ৰুজু কৰি দৌল গোবিন্দপুৰৰ যুবক জিতু দাস আৰু বতাহঘিলাৰ ঘৰটোৰ গৰাকী যুবতী গৰাকীক আজি জেললৈ প্ৰেৰণ কৰে আৰু এইগৰাকী কিশোৰীক মাকৰ জিম্মাত দি জামিন মঞ্জুৰ কৰে । ইপিনে স্থানীয় লোকে এইগৰাকী কিশোৰীক এইদৰে আবদ্ধ কৰি গালি গালাজ কৰাৰ সময়তে এইগৰাকী যুবকে জপিয়াই পৰিল কিশোৰী গৰাকীৰ ওপৰত । চাওঁক এইগৰাকী যুবকে কিদৰে পিচপিনৰ পৰা লঠিয়াই বীৰত্ব প্ৰদৰ্শন কৰে । এই যুবক গৰাকীৰ মৰেল পুলিচগিৰিক লৈ এতিয়া নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।Conclusion:কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.