ETV Bharat / state

নলবাৰীত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি - অভিযানৰ শুভাৰম্ভণি

নলবাৰী জিলা প্ৰশাসনৰ সহযোগিতাত নেহৰু যুৱ কেন্দ্ৰই জিলাখনত বুধবাৰে 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি কৰে । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহাই ।

নলবাৰীত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি

author img

By

Published : Feb 3, 2021, 8:54 PM IST

নলবাৰী, ৩ ফেব্ৰুৱাৰী: বৰষুণৰ পানী সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দেশজুৰি 'Catch the Rain' শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো আৰম্ভ কৰা হৈছে এই সজাগতামূলক অভিযান । বুধবাৰে নলবাৰী জিলা প্ৰশাসনৰ সহযোগিতাত নেহৰু যুৱ কেন্দ্ৰই জিলাখনত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি কৰে । আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহাই । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত এই সজাগতামূলক অভিযানৰ বিষয়ে বিষদ ব্যাখ্যা দাঙি ধৰে নলবাৰী জিলা নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক হীৰকজ্যোতি বৰ্মনে ।

নলবাৰীত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি
নলবাৰীত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি

তেওঁ কয় যে, যদিও অসমত এতিয়ালৈকে বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি ৰাজ্যত হোৱাৰ দৰে পানীৰ অভাৱ হোৱা নাই তথাপি পানীৰ অপব্যৱহাৰৰ ফলত অতি সোনকালে পানীৰ নাটনিয়ে দেখা দিব । সেয়ে, কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ে পানীৰ সু-ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ।

স্বেচ্ছাসেৱকসকলক এই সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে বুলিও জনায় সমন্বয়কগৰাকীয়ে । উল্লেখ্য যে, এই অভিযানৰ অধীনত জিলাখনৰ ৫০খন গাঁৱত সজাগতামূলক সভা অনুষ্ঠিত কৰা হ'ব । লগতে এই অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱকসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহাই ।

সভাত অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিৰ লগতে স্কাউট এণ্ড গাইডৰ জিলা সচিব দিলীপ কুমাৰ শৰ্মা, এন চি চিৰ অঞ্জন শৰ্মা, দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক বিকাশ মহন্ত, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া অনিল দাস, ক্ৰীড়া বিভাগৰ প্ৰশিক্ষক লনিমা তালুকদাৰ আৰু জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বিনু ৰাণী ৰাজবংশী উপস্থিত থাকে ।

লগতে পঢ়ক:মহানগৰীত সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.