দতৰা, 23 ফেব্ৰুৱাৰীঃ আজি নলবাৰীৰ দতৰাস্থিত স্মৃতিতীৰ্থ পণ্ডিত শিৱনাথ বুজৰবৰুৱা ক্ষেত্ৰত আঞ্চলিক শাখা সাহিত্য সভা চতমাৰ উদ্যোগত, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰয়াত ৰাজেন্দ্ৰনাথ বুজৰবৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে অনুষ্ঠিত হয় এখন মুকলি সভা ৷ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
ইয়াৰোপৰি সভাখনত উপস্থিত থাকে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মাকে ধৰি বহুকেইগৰাকী লোক ৷
উল্লেখ্য যে, সভাৰ অন্তত সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাৰ্জিল ইমামৰ বিষয়তো নিজৰ মন্তব্য দাঙি ধৰে ৷
লগতে পঢ়কঃ