ETV Bharat / state

কৰ’ণা সন্ত্ৰাসঃ অৰ্থসংকটত নলবাৰীৰ জাপি নিৰ্মাণকাৰী শিল্পী

author img

By

Published : Apr 15, 2020, 7:29 PM IST

ৰাজ্যৰ বিভিন্ন বহুমঞ্চসমূহ শুৱনি কৰাৰ বাবে নলবাৰীৰ তিলানা গাঁৱৰ পৰা প্ৰেৰণ কৰা হয় জাপি ৷ ইয়াৰ বিপৰীতে এইবাৰ কৰ’ণা আতংকৰ বাবে জাপি তৈয়াৰ কৰি পেটৰ ভাত মুকলি কৰা নলবাৰীৰ এই লোকসকলে আধাতে সামৰিব লগা হৈছে জাপি তৈয়াৰ কৰা কাম ৷

Nalbari Japi Industry
কৰ’ণা সন্ত্ৰাসঃ অৰ্থসংকটত নলবাৰীৰ জাপি নিৰ্মাণকাৰী শিল্পী

নলবাৰী,15 এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ বাবেই এইবেলি সেমেকা হৈ ৰ’ল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৷ বিহুৰ আগমণৰ লগে লগেই ব্যস্ত হৈ পৰে নলবাৰীৰ জাপি শিল্পৰ লগত জড়িত লোকসকল । বিহুটিক ভৰষা কৰিয়েই নিজৰ উপাৰ্জনৰ পথ মুকলি কৰে এইসকল লোকে ৷ কিন্তু চলিত বৰ্ষত কৰ’ণা ভাইৰাছৰ বাবে ঘোষণা কৰা লক ডাউনৰ বাবে নলবাৰীৰ এইসকল জাপি নিৰ্মাণকাৰী শিল্পীৰ জীবিকাৰ পথ একপ্ৰকাৰ বন্ধ হৈ পৰিছে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন বহুমঞ্চসমূহ শুৱনি কৰাৰ বাবে নলবাৰীৰ তিলানা গাঁৱৰ পৰা প্ৰেৰণ কৰা হয় এই জাপিসমূহ ৷ ইয়াৰ বিপৰীতে এইবাৰ কৰ’ণা আতংকৰ বাবে জাপি তৈয়াৰ কৰি পেটৰ ভাত মুকলি কৰা নলবাৰীৰ এই লোকসকল শিল্পীয়ে আধাতে সামৰিব লগা হৈছে জাপি তৈয়াৰ কৰা কাম ৷ তৈয়াৰ কৰি থোৱা ফুলাম জাপিসমূহ বিক্ৰী কৰিব নোৱাৰাৰ ফলত গাঁওখনৰ জাপি শিল্পৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালসমূহে অৰ্থসংকটত ভুগিবলগীয়া হৈছে ৷ আনহাতে,গাঁওখনৰ একাংশ সচেতন ব্যক্তিয়ে খাদ্য সামগ্ৰী যোগান ধৰি দুৰ্যোগৰ এই সময়ছোৱাত কিছু সঁ‌কাহ প্ৰদান কৰিছে পৰিয়ালসমূহক ৷

লগতে পঢ়ক-কৰ'ণাতংকঃ চুবৰীয়া ৰাজ্য অৰুণাচল আৰু ত্ৰিপুৰাৰ আহিছে দুটাকৈ ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.