নলবাৰী, 24 জুলাইঃ পুনৰ বানৰ কবলত নলবাৰী। নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পানীৰ ঢলে বুৰালে নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল। জিলাখনৰ মাজেৰে বৈ যোৱা নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানৰ কবলত পৰিছে জিলাখন। জিলাখনৰ মাজেৰে বৈ যোৱা কানাইখুন্দা,মৰা পাগলাদিয়া,পাগলদিয়া,বুঢ়াদিয়া,টিহু নৈয়ে মথাউৰি ভঙাৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে।
নলবাৰীৰ বান পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও পুনৰ পানীৰে উপচি পৰিল নলবাৰীৰ বহু কেইটা অঞ্চল। ইফালে পাগলদিয়া নৈৰ পানীয়ে পুনৰ বুৰালে ধমধমা,জাৰতালুক,বালিতাৰা,নমাটিৰ,সৰিয়হতলী,কাছিমপুৰৰ লগতে কেইবাখনো গাওঁ। বানৰ কবলত পৰিছে বৰভাগৰো বিস্তীৰ্ণ অঞ্চল।
লগতে পঢ়কঃ ৰেলৰ খুন্দাত প্ৰাণ গ'ল এজনৰ