ETV Bharat / state

পাঠশালাৰ দুজন বিশেষভাৱে সক্ষম যুৱকৰ অগতানুগতিক যাত্ৰা

এজন আনজনৰ সাৰথি ৷ স্বাৰ্থৰ ৰঙসনা পৃথিৱীত নিস্বাৰ্থ মৰম,বন্ধুত্বৰ উদাহৰণ দাঙি ধৰিছে পাঠশালাৰ দুজন বিশেষভাৱে সক্ষম যুৱকে ৷ দুয়োৱে ইটোৱে সিটোক নিৰ্ভৰ কৰি ওলাই আহে দিনটোৰ বাবে ৷

nalbari blind artist story
দুজন বিশেষভাৱে সক্ষম যুৱকৰ অগতানুগতিক যাত্ৰা
author img

By

Published : Nov 28, 2019, 4:13 PM IST

নলবাৰী, 28 নৱেম্বৰঃ বৰপেটাৰ পাঠশালাৰ দুজন বিশেষভাৱে সক্ষম যুৱক ৷ এজন আনজনৰ সাৰথি ৷ স্বাৰ্থৰ ৰঙসনা পৃথিৱীত নিস্বাৰ্থ মৰম,বন্ধুত্ব ৷ ধনঞ্জয় দাসৰ নামৰ এজন বিশেষভাৱে সক্ষম যুৱকে বাঁহীৰ মধুৰ সুৰেৰে জিনিছে কন্টকময় জীৱন ৷ সাত বছৰ বয়সতে বসন্ত ৰোগত আক্ৰান্ত হৈ হেৰুৱালে চকুৰ জ্যোতি ৷ দহ বছৰ বয়সৰ পৰাই বাঁহীত সুৰ তুলি চলাই আছে জীৱন সংগ্ৰাম ৷ বাঁহীৰ সুৰেৰে লহৰ তুলিছে ইটোৰ পিছত সিটো গীতত ৷ তেওঁৰ সৈতে ছাঁ টোৰ দৰে ওৰেটো দিন ঘূৰি ফুৰে ৰাজেন কলিতা নামৰ আন এজন বিশেষভাৱে সক্ষম যুৱকে ৷ ধনঞ্জয়ক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় ৰাজেনে ৷ ধনঞ্জয়ে চহৰ অলিয়ে গলিয়ে,পদপথত বাঁহী বজাই অৰ্জন কৰে দুই-এপইচা ৷ দুয়োৱে ইটোৱে সিটোক নিৰ্ভৰ কৰি ওলাই আহে দিনটোৰ বাবে ৷

বাঁহীত সুৰৰ ঢৌ তুলি জীৱন জিনিছে ধনঞ্জয় আৰু ৰাজেনে

ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত এইগৰাকী বিশেষভাৱে সক্ষম শিল্পীয়ে আজিলৈকে অলপো সঁহাৰি পোৱা নাই চৰকাৰ-প্ৰশাসনৰ পৰা ৷ দুয়োজনে এনেদৰে দিনৰ দিনটো ঘূৰি অৰ্জন কৰা সামান্য টকাৰে চলাই আছে নিজৰ ঘৰকেইখন ৷ জীৱন যুঁজত ভাগৰি নপৰা এই দুইগৰাকী যুৱকক কুশলে ৰাখক নেদেখাজনে লগতে চৰকাৰৰ সু দৃষ্টি পৰক পৰিয়াল দুটালৈ ৷

লগতে পঢ়কঃনগাঁৱত পিষ্টলসহ এজন যুৱকক আটক ৰাইজৰ

Intro:নলবাৰীৰ পদপথত এজন অন্ধ যুৱক। বাহীটোৱে যাৰ একমাত্র সম্বল। বাহীত সুৰ তুলি যিয়ে মোকলাই অন্ন মুঠি।

Body:হয় পদপদত এগৰাকী শিল্পী য়াৰ বাহীৰ সুৰত আপুনিও মতলীয়া হৈ পৰিৱ।জন্ম লগ্নৰে পৰা চকুৰে দেখা পোৱা এইগৰাকী ধনঞ্জয় দাসে সাত বছৰ বয়সত বসন্ত ৰোগত আক্ৰান্ত হৈ দুচকুৰে নেদেখা হৈ গৈছিল।তাৰ পাছৰ পৰা এইদৰেই বাহীত সুৰ তুলি চলাই গৈছে অন্য এক সংগ্ৰাম।দহ বছৰ বয়সৰ পৰা কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ধনঞ্জয়ে হাতত বাহী তুলি লৈ ।আৰু বাহীটোৱে লৈ বিভিন্ন প্ৰান্তত হাটে বজাৰে পদপথেত এইদৰেই বাহীত সুৰ তুলি ঘৰখনক পোহপাল দি আছে।এইদৰেই পদপথত বাহী বজোৱাত কোনোৱেই চাইছে কোনোৱে কিঞ্ছৎ সহায়ৰ হাত আগবঢ়াই ছে‌।বাহীটোৱে লৈ ঘৰ চলোৱা এইগৰাকী যুৱকৰ ঘৰ বৰপেটা জিলাৰ পাঠশালাত।ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত এইগৰাকী যুৱকক কিন্তু আজিলৈকে ৰজাঘৰীয়া ই একো দিয়া নাই।তথাপিও এইদৰেই চলাইছে নিজৰ ঘৰ।

আনহাতে ধনঞ্জয়ৰ বিৱৰ্ণ এই য়াত্ৰাৰ সহযোগী একমাত্র শাৰীৰিক ভাৱে সক্ষম ৰাজেন কলিতা।আৰু ৰাজেন কলিতাক লগত লৈ ধনঞ্জয় এডাল লাখুটিৰ দৰেই ঘূৰি ফুৰে।ৰাজেনৰো পৰিয়াল মাতৃৰ বাহিৰে আন কোনো নাই।ধনঞ্জয় আৰু ৰাজেন দুয়ো ইটোৱে সিটোক নিৰ্ভৰ কৰি ওলাই আহে আৰু দিনটোত পোৱা টকা প ইচাৰে দুয়ো ভগাই ঘৰ চলাই‌।আমাৰো আশা দুয়োজনক এইদৰেই নেদেখা জনেই কুশলে ৰাখক আনফালে চৰকাৰৰ সু দৃষ্টি পৰক এই পৰিয়াল দুটালৈ ।।

Conclusion:বাইট

নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.