নলবাৰী, ১৫ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ পয়োভৰ হোৱাৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে । নলবাৰীতো বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হিতাধিকাৰীয়ে । ৪০ নং দক্ষিণ নতুন দেহৰ মণ্ডল কংগ্ৰেছ আৰু ইয়ং ব্ৰিগেডৰ সৌজন্যত হিতাধিকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পশ্চিম নলবাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰৰ লগতে কংগ্ৰেছ নেতা ডা° নীলকমল ভূঞাই । ৪০ নং দক্ষিণ নতুন দেহৰ পঞ্চায়ত কাৰ্যলয়ৰ সম্মুখত অৰুণোদয় মহিলা সবলীকৰণ আচঁনি ৰূপায়ণত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে হিতাধিকাৰীয়ে ।
লগতে পঢ়ক:জামুগুৰিহাটৰ বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়াৰ বাসগৃহত যতীন বৰা