নলবাৰী,12 আগষ্টঃ বুধবাৰে নলবাৰীত জিলা ছাত্ৰ সন্থাই CAA বাতিলৰ দাবীত পি এন চি পথত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সদস্য সকলে CAA বাতিল কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, খিলঞ্জীয়া বিৰোধী বিজেপি চৰকাৰ হাই-হাই, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ শ্লোগানৰে পৰিবেশ উত্তাল কৰে।
ইফালে কৰ’ণা ভাইৰাছৰ এই সময়ছোৱাত পুনৰ EIA-2020 ৰ জৰিয়তে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আনিৱ পৰা এই আইনৰ খচৰা বাতিল কৰাৰ বাবে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা, কেন্দ্ৰীয় নেতা হিমান বৰ্মন , সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বহু সদস্য উপস্থিত থাকে ৷
লগতে পঢ়কঃ বন বিভাগৰ অভিযানত বঢ়াচাপৰি অভয়াৰণ্যত আটক চোৰাং চিকাৰী