নলবাৰী,28 জানুৱাৰী : বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই এক সংবাদমেল সম্বোধন কৰি 2021 বৰ্ষৰ ‘মোহন ভাইৰা বঁটা’ ঘোষণা কৰে ৷ বিশিষ্ট বাঁহীবাদক তথা লোক সংস্কৃতিৰ সাধক টিহু নিৱাসী হৰেকৃষ্ণ তালুকদাৰলৈ এই বঁটা ঘোষণা কৰিছে জিলা আছুৱে ।
উল্লেখ্য যে, নলবাৰী জিলা ছাত্র সন্থাই প্ৰতিবছৰে অসমৰ লোক-সংস্কৃতিক চহকী কৰা একোজনকৈ বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰে ৷ আগন্তুক 1 ফেব্ৰুৱাৰীত মোহন ভাইৰাৰ মৃত্যু তিথি উপলক্ষে শ্বহীদ ভৱনৰ বাকৰিত বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰক প্ৰদান কৰা হ’ব এই বঁটা । বঁটাত আছে নগদ ধন, জাপি, ফুলাম গামোচা আৰু এখন স্মাৰক । বঁটা প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ।
সংবাদমেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজ উদ্দিন আহমেদ, জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা উন্নতি সভাৰ ৰাতুল চন্দ্ৰ ডেকা ৷
লগতে পঢ়ক : মৰাণত অসম জাতীয় পৰিষদ দলৰ যোগদান কাৰ্যসূচী