ETV Bharat / state

ঢোল-পেঁপাৰ মাতত ৰজনজনালে নলবাৰীৰ আছুৰ শ্বহীদ ভৱনৰ বাকৰি

author img

By

Published : Apr 15, 2022, 9:13 PM IST

আজি পহিলা ব’হাগ ৷ প্ৰকিকুল বতৰৰ মাজতো ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো শ্বহীদ ভৱন বাকৰিত উদযাপন কৰিছে বাপতি সাহোন বিহুটি ৷ ঢোল-পেঁপাৰ মাতত, নাচনীৰ নাচত এক অনন্য পৰিৱেশ দেখা গ’ল বিহু বাকৰিত (AASU celebrates Rongali Bihu in Nalabari) ৷

Rongali Bihu celebration
নলবাৰীত আছুৰ উদ্যোগত ‘‘নাচিব লাগিব ব’হাগ বিহু বুলি’’

নলবাৰী, 15 এপ্ৰিল: পহিলা ব'হাগত ঢোলৰ গুমগুমণি, পেঁপাৰ তিহিতি তিহিতি শব্দত ৰজনজনাই গ'ল নলবাৰীৰ শ্বহীদ ভৱন বাকৰি (Bihu at Nalbari Swahid Bhawan)। আছুৰ উদ্যোগত অনুষ্ঠিত হ'ল ’নাচিব লাগিব ব'হাগ বিহু বুলি’ অনুষ্ঠান । আজি পহিলা ব'হাগৰ দিনাই নলবাৰীত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিলে মুকলি বিহু । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে উদ্বোধন কৰে মুকলি বিহু (AASU celebrates Rongali Bihu in Nalabari)৷

মুকলি বিহুত কেইবাটাও বিহু দলে হুঁচৰি পৰিৱেশন কৰাৰ লগতে ৰাজ্যৰ অন্যতম বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী 'থেছপিয়ান’য়ে ভিন্নসুৰীয়া গীত-নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইফালে মুকলি বিহু উদ্বোধন কৰি বাহিৰৰ পৰা ৰাজ্যলৈ আমদানি কৰা গামোচাই পৰিৱেশ কলুষিত কৰা বুলি মন্তব্য কৰে দীপাংক কুমাৰ নাথে । অসমীয়া শিপিনীক মাধমাৰ শোধাই তেনে গামোচা ৰাজ্যৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে মেলি দিয়াৰ অভিযোগ কৰি তেওঁ‌ সেই গামোচাসমূহ নিষিদ্ধ কৰাৰ দাবী জনায় ।

চৰকাৰে দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতিগৰাকীয়ে (Dipanka Kumar Nath on Hindi compulsory in school)। জোৰ জবৰদস্তি ভাষা জাপি দিবলৈ খুজিলে চৰকাৰে পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: Rongali Bihu in Assam : নগাঁৱৰ আমোলাপট্টিত জেং বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.