নলবাৰী, 8 আগষ্টঃ পশ্চিম নলবাৰীৰ বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হ'ল গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতি। বৃহস্পতিবাৰে পশ্চিম নলবাৰীৰ খেলুৱাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বান-সাহায্য বিতৰণ কৰে শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে । নতুন খেলুৱা ৰাজহুৱা নামঘৰ প্ৰাংগণত ১২০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ।
বান সাহায্য প্ৰদান অনুষ্ঠানত গুৱাহাটী শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে দুই পঞ্চায়ত সভাপতি অমৰ দাস আৰু দিনেশ ঠাকুৰীয়া, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়া আৰু বানাক্ৰান্ত ৰাইজ উপস্থিত থাকে ।