ETV Bharat / state

Mohan Bhaira Award 2023: লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা - লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা

লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা(Mohan Vaira Award to folk artist Aniram Nath) । অহা ১ ফেব্ৰুৱাৰীত নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনিৰাম নাথক প্ৰদান কৰা হব এই বঁটা । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ ।

Mohan Bhaira Award 2023
লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা
author img

By

Published : Jan 29, 2023, 8:19 PM IST

লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা

নলবাৰী,২৯ জানুৱাৰী: ২০২৩ চনৰ মোহন ভাইৰা স্মাৰক বঁটা শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ লোকশিল্পী অনিৰাম নাথলৈ আগবঢ়োৱা হৈছে(Mohan Vaira Award to folk artist Aniram Nath) । দেওবাৰে নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰা হয় এই বঁটা । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থকা সংবাদমেলত এই কথা উল্লেখ কৰে ।

সংবাদমেলতে বিষয়ববীয়াসকলে কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী, ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০‍১৯ ৰ কা আন্দোলন আৰু ২০২০ ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগল, ২০২১ হৰেকৃষ্ণ তালুকদাৰ, ২০২২ নিকুঞ্জ পাঠকলৈ আগবঢ়োৱা হৈছিল এই বঁটা ।

এইবেলি অৰ্থাৎ ২০২৩ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা সন্মান প্ৰদান কৰা হ'ব বিশিষ্ট লোকশিল্পী, লোক সংস্কৃতিৰ সাধক শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ অনিৰাম নাথক(Folk artist Aniram Nath) । সৰুৰে পৰা ঢোল, নাগাৰা, দোঁতাৰা, পেঁপা, বাঁহী আৰু গগনাৰ প্ৰতি আগ্ৰহী নাথক ১ ফেব্ৰুবাৰীত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব ।

নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হবলগীয়া উক্ত বঁটা প্ৰদান অনুষ্ঠানত বঁটাৰ লগতে নগদ ধন, স্মাৰক, ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং আদি প্ৰদান কৰা হ'ব । শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱত জন্মগ্ৰহণ কৰা অনিৰাম নাথৰ পিতৃ প্ৰয়াত খৰ্গেশ্বৰ নাথ আৰু মাতৃ খৰ্গে দেৱী । আৰ্থিক অভাৱৰ বাবে তৃতীয় শ্ৰেনীলৈ পঢ়া লোকশিল্পী নাথে ১৯৬৭ চনত বিশিষ্ট গহপুৰৰ বিশিষ্ট ঢোলৰ ওজা মহেন্দ্ৰ শইকীয়া ওচৰত আনুস্থানিক ঢোলৰ শিক্ষাৰ গ্ৰহণ কৰিছিল ।

১৯৬৬ চনত তেজপুৰ ৰঙামাটিৰ বিহু মেলাত ঢোল বোজাই কৰি কলাগুৰু বিষ্ণু ৰাভাদেৱৰ সান্নিধ্য লাভ কৰি ৰাভাদেৱ আশীৰ্বাদ লাভ কৰে । ১২ বছৰ বয়সৰ পৰাই ঢোলবাদন কৰা লোকশিল্পী গৰাকীয়ে অসমৰ বিভিন্ন ঠাইত ঢোলবাদন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয় শিল্পী গৰাকীয়ে ।

২০১৮-১৯ বৰ্ষত তেজপুৰত কলাগুৰু সংগীত মহোৎসৱত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে(Kalaguru Artist Foundation) কলাগুৰু বঁটা প্ৰদান কৰে । ১৯৬৭ চনত গহপুৰ ডুবিয়াৰ ওজা প্ৰয়াত মহেন্দ্ৰ শইকীয়াই তেখেতক ঢোলৰ ওজা উপাধি প্ৰদান কৰে । কলা-সংস্কৃতিৰ প্ৰতি একান্ত আনুগত্য আৰু গাম্ভীৰ্যপুৰ্ণ ব্যক্তিসত্বা অধিকাৰী নাথে ঢোল, খোল, নাগাৰা, দোঁতাৰা, টোকাৰী, পেপা, বাঁহী আৰু গগনা বজোৱাত অতি পাৰ্গত ।

লগতে পঢ়ক: Ek Saran Bhagawati Samaj : ইলাৰাম দাসৰ প্ৰতি সশ্রদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.