নলবাৰী,9ফেব্ৰুৱাৰীঃ নলবাৰীত সংঘটিত হৈছে এক অলৌকিক ঘটনা ৷ এটি সপোনৰ পম খেদি এজন মিস্ত্ৰীয়ে উদ্ধাৰ কৰিলে এটি কালীমূৰ্তি ৷ এই ঘটনা সংঘটিত হৈছে নলবাৰীৰ নিজ খগতাত ৷ জানিব পৰা মতে, গাঁৱখনৰ জয়ন্ত বেজবৰুৱা নামৰ লোকজনৰ ঘৰত চলিছিল কালী পূজাৰ আয়োজন ৷ বৃহস্পতি অনুষ্ঠিত হ'ব লগা কালী পূজাৰ বাবে বিধিগত ভাৱে বেজবৰুৱাই চলাইছিল আয়োজন ৷ কিন্তু পূজাৰ পূৰ্বে জয়ন্ত বেজবৰুৱাই নিশা সপোনত গাঁৱখনৰে নাতিদূৰৈত থকা ৰাজহুৱা পূণ্য পুখুৰীত এটি কালী মূৰ্তি বোকাত পোত গৈ থকাৰ সম্ভেদ লাভ কৰিছিল ৷
সেই সপোনৰ পম খেদি যুৱকজনে মাজনিশাই পানীত নামি উদ্ধাৰ কৰে এই কালী মূৰ্তিটো ৷ তদুপৰি নিশাই জয়ন্তই মূৰ্তিটো স্থাপন কৰিলে নিজৰ ঘৰৰ চৌহদত ৷ ইয়াৰ পিছৰে পৰা জয়ন্তৰ ঘৰলৈ বৈছে ৰাইজৰ সোঁত ৷ সকলোৱে কৰিছে পূজা-অৰ্চনা ৷ আনহাতে,এই অলৌকিক ঘটনাৰ খবৰ পাই জয়ন্তৰ ঘৰত উপস্থিত হয় নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা ৷ বিধায়ক গৰাকীয়েও কৰিলে কালী মূৰ্তিত কৰে পূজা-অৰ্চনা ৷ বিজ্ঞানৰ জয়যাত্ৰাৰ সময়তে গাঁৱখনত সংঘটিত এই অলৌকিক ঘটনাই সমগ্ৰ জিলাখনতে লাভ কৰিছে এতিয়া ব্যাপক চৰ্চা ৷ সকলোৰে চৰ্চাৰ এতিয়া একমাত্ৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে পকী মিস্ত্ৰী জয়ন্তৰ বাসগৃহ ৷
লগতে পঢ়কঃ কিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ