নলবাৰী, 8 জানুৱাৰী : শুকুৰবাৰে নলবাৰী জিলাৰ অন্তৰ্গত বড়িগোগ-বনভাগ মণ্ডল সংখ্যালঘু মৰ্চাৰ নৱনিৰ্বাচিত সমিতিখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে (Minority cell of barigog banbhag BJP taken charge) ৷ বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক চাইদুল ইছলামে আঁত ধৰা সভাখনত জিলাখনৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ, সাধাৰণ সম্পাদক মজিবৰ ৰহমান, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সম্পাদক বুবুল দাস, মৃগেন শৰ্মাকে ধৰি শতাধিক সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত চবিৰ আহমেদে কয় যে, কংগ্ৰেছক দেশ শাসনৰ 70 বছৰ সুবিধা দিয়াৰ পিছতো সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰিলে ৷ বিপৰীতে বিজেপিয়ে শাসনলৈ আহিয়েই সংখ্যালঘুসকলক উপায়ুক্ত সন্মান প্ৰদান কৰিছে ৷ গতিকে এতিয়াৰ দৰে ভৱিষ্যতেও বিজেপি দলক সহায়-সহাযোগিতা আগবঢ়াই যাবলৈ সংখ্যালঘু ৰাইজক আহ্বান জনায় আহমেদে ৷

সভাত মণ্ডলটোৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই আগন্তুক দিনত সংখ্যালঘু মৰ্চা অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে ৷ উক্ত সভাতে বড়িগোগ বনভাগ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চামচুল আলী, সাধাৰণ সম্পাদক চাইদুল ইছলামসহ 41 জনীয়া পূৰ্ণাংগ সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ মণ্ডলটোৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চামচুল আলীয়ে অনাগত দিনত সংখ্যালঘু সমিতিখনে শক্তিশালী ৰূপত কাম কৰিব বুলি সদৰী কৰে ৷