নলবাৰী,30 মাৰ্চ: বদৰুদ্দিন আজমল বনাম ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আজমলৰ নাম নোলোৱাকৈ নিৰ্বাচন প্ৰচাৰ সভা সম্পূৰ্ণ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ৷ যেন অসমৰ মূল সমস্যা হৈছে বদৰুদ্দিন আজমল ৷ এইবাৰৰ ৰাজনৈতিক প্ৰেক্ষপটত আজমলক নিৰ্বাচনী মূল ইচ্ছু হিচাপে গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷
"হজৰত মহম্মদে পৃথিৱীত ইছলাম ধৰ্ম আনিছিল ৷ হজৰত মহম্মদে কেতিয়াও নিজক আল্লাৰ লগত সমান বুলি কোৱা নাছিল ৷" নিৰ্বাচনী প্ৰচাৰত প্ৰায়ে বদৰুদ্দিন আজমলক কটাক্ষ কৰি ভাষণ দি অহা ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এই মন্তব্যৰে সমালোচনাৰ লক্ষ্য কৰি ল'লে আজমলক ৷
মঙলবাৰে নলবাৰীৰ চান্দকুছিত জয়ন্ত মল্ল বৰুৱাৰ হৈ অন্তিম প্ৰচাৰ চলাই সাংবাদিকৰ আগত কয়, "হজৰত মহম্মদে নিজকে আল্লাৰ দূত বুলিহে ভাবিছিল ৷ কিন্তু বদৰুদ্দিন আজমলে ওপৰত আল্লা তলত আজমল বুলি ভাৱে ৷ বদৰুদ্দিন আজমলে ইছলামক অপমান কৰিছে ৷ এইবাৰ অসমৰ ৰাইজে আজমলক উচিত প্ৰত্যুত্তৰ দিব ৷"
এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো খাটাং ৷ উন্নয়নৰ স্বাৰ্থত সকলো ৰাইজ আজি বিজেপিৰ পক্ষত ৷ বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ ঋণ ৰেহাই দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী