ETV Bharat / state

পথ দুৰ্ঘটনা ৰোধৰ বাবে নলবাৰীত স্থাপিত হ'ব বিশেষ হৰ্ডিং - দুৰ্ঘটনাৰোধ

নলবাৰীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত দুৰ্ঘটনা ৰোধৰ বাবে কেতবোৰ সিদ্ধান্ত লোৱা হয় । উক্ত সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনীত প্ৰতিনিধি পৱিত্ৰ ডেকা ।

author img

By

Published : Jul 2, 2020, 9:28 PM IST

নলবাৰী, 2 জুলাইঃ নলবাৰীত দুৰ্ঘটনা ৰোধৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা । সেই অনুসৰি নলবাৰীত স্থাপিত হ'ব বিশেষ হৰ্ডিং, য'ত উল্লেখ থাকিব পূৰ্বে সংঘটিত হোৱা দুৰ্ঘটনাৰ বিভিন্ন কাহিনী ।

নলবাৰীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত দুৰ্ঘটনা ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হয় । উক্ত সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনীত প্ৰতিনিধি পৱিত্ৰ ডেকা ।

জিলাখনৰ দুৰ্ঘটনাপ্ৰবন প্ৰায় ২৩ টা স্থানত হোৱা দুৰ্ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ে জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতা , যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ আৰু জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে বিশদভাৱে আলোচনা আগবঢ়াই । আনহাতে বিধায়ক অশোক শৰ্মাই দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে সক্ৰিয় ভুমিকা ল'ব লাগিব বুলি মন্তব্য কৰে ।

উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে নলবাৰী জিলা এলেকাৰ ৰাজ্যিক ঘাইপথ বা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হোৱা বাহনবোৰ জিলাখনৰ হয় নে নহয়, দুৰ্ঘটনাত চালক আহত হৈছে নে আন লোক আহত হৈছে , দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ মালিকৰ ঠিকনা ইত্যাদি চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব দিবলৈ পৰিবহন বিভাগক আহ্বান জনায় ।

সঘনাই দুৰ্ঘটনা হোৱা ঠাইত পথৰ দাঁতিত পূৰ্ৱৰ দুৰ্ঘটনাত পতিত লোকৰ পৰিয়ালৰ কাহিনী বা চিত্ৰসম্বলিত হৰ্ডিং লগালে দুৰ্ঘটনাৰোধৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।

উল্লেখ্য যে, দুৰ্ঘটনা প্ৰবণ এলেকা সমূহৰ নিকটৱৰ্তী থাই সমূহত ৰাজ্য চৰকাৰে পথ সুৰক্ষা মিত্ৰ বাহিনী গঠন কৰাৰ চিন্তা চৰ্চা চলাই আছে । য'ত 45 বছৰৰ তলৰ 4 জন বা 5 জন স্বেচ্ছাসেৱক নিযুক্ত হৈ থাকিব । এই সকল লোকক প্ৰশিক্ষণ কৰোৱা হ'ব । এওঁলোকৰ কাম হ'ব নিজৰ সন্মূখত দুৰ্ঘটনা হ'লে এম্বুলেন্সলৈ বাট নাচাই স্থানীয় লোকৰ গাড়ীতেই দুৰ্ঘটনাত পতিত লোকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা আৰু প্ৰাথমিক শুশ্ৰষা কৰি দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ জীৱন বচোৱাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা ।

নলবাৰী জিলাতো গঠন কৰা হ'ব এনে পথ সুৰক্ষা মিত্ৰ বাহিনী । পথ সুৰক্ষা মিত্ৰসকল হাইস্কুল বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব । বিজ্ঞান শাখাত উত্তীৰ্ণ সকলক অগ্ৰাধিকাৰ দিয়াৰ লগত এন চি চি বা এন এচ এচ ৰ সদস্যকো প্ৰাধান্য দিয়া হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.