নলবাৰী, 27 অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবীৰ বিৰুদ্ধে জাঙুৰ খাই উছিছে ৰাজ্যৰ সচেতন মহল ৷ উক্ত প্ৰসংগক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে ৷
নলবাৰীতো মঙলবাৰে বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ টাউন মণ্ডলে । নলবাৰী জিলাৰ গোলপাৰ্কত সাব্যস্ত কৰা হয় প্ৰতিবাদ ।
শ্বেৰমন আলী হায় হায়, কংগ্ৰেছ চৰকাৰ হায় হায়, আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিবেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া