নলবাৰী,3 জানুৱাৰী : নলবাৰী চহৰত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ মাজমজিয়াৰ দৌলগোবিন্দপুৰত থকা হিন্দুস্তান লিভাৰৰ এটা গুদামত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷ চহৰখনৰ ব্যৱসায়ী চন্দন সিংহানিয়াৰ কেইবাটাও ব্যৱসায়িক এজেঞ্চীৰ সামগ্ৰী মজুত থকা এই গুদামত শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ অনুমান কৰা হৈছে ৷
ইফালে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বিভিন্ন স্থানৰ প্ৰায় 7 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷ উক্ত অগ্নিকাণ্ডৰ ফলত বিনষ্ট হয় কেইবাকোটিৰ সামগ্ৰী ৷ অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনী ৷
লগতে চাওকঃ সোমবাৰে গুজৰাট ভ্ৰমণ কৰিব জে পি নাড্ডাই