ETV Bharat / state

নলবাৰীত বিনামূলীয়াকৈ মাস্ক আৰু চাবোন বিতৰণ

author img

By

Published : Apr 26, 2021, 5:34 PM IST

Updated : Apr 26, 2021, 8:05 PM IST

নলবাৰীৰ গনেশ মন্দিৰ চ'কত আৰম্ভ হয় মাস্ক আৰু চাবোন বিতৰণ কাৰ্যসূচী । জিলাখনৰ মটৰ শ্ৰমিক ইউনিয়ন, সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতি, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা প্ৰেছ ক্লাৱ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা মটৰ শ্ৰমিক, ই-ৰিক্সা চালক আৰু ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণেৰে সজাগতাৰ প্ৰয়াস চলায় ।

নলবাৰীত বিনামূলীয়াকৈ মাস্ক আৰু চাবোন বিতৰণ
নলবাৰীত বিনামূলীয়াকৈ মাস্ক আৰু চাবোন বিতৰণ

নলবাৰী, ২৬ এপ্ৰিল : ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড সংক্ৰমিত ৰোগীৰ সংখ্যা । ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে নলবাৰীৰ গণেশ মন্দিৰ চ'কত মাস্ক আৰু চাবোন বিতৰণ কৰা হয় । জিলাখনৰ মটৰ শ্ৰমিক ইউনিয়ন, সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতি, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা প্ৰেছ ক্লাব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা মটৰ শ্ৰমিক, ই-ৰিক্সা চালক আৰু ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণেৰে সজাগতাৰ প্ৰয়াস চলায় । সকলোৱে যাতে মাস্ক পৰিধান কৰে, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে স্বাস্থ্য বিভাগে দিয়া বিধি মানি চলিবলৈ আহ্বান জনোৱা হয় ।

দেশজুৰি কৰ'ণাৰ কাল সংক্ৰমণত গ্ৰাসিত সকলো । চৰকাৰে বাৰাম্বাৰ দেশবাসীক এই মহামাৰীৰ পৰা উদ্ধাৰৰ বাবে সাৱধানে থাকিবলৈ অনুৰোধ জনাই আহিছে যদিও কোনো কোনো সময়ত একাংশ অসতেন ৰাইজে চৰকাৰৰ আহ্বানক অমান্য কৰি আহিছে । বৰ্তমান সময়ত ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয় । সেয়েহে সোমবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে কেবাটাও সংগঠনে ৰাইজৰ মাজত মাস্ক বিতৰণেৰে সজাগতাৰ প্ৰয়াস চলায় ।

লগতে পঢ়ক: অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

Last Updated : Apr 26, 2021, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.