নলবাৰী,24 এপ্ৰিলঃ নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদত মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰে ৷ এই কেন্দ্ৰটো মুকলি কৰে জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷
মহামাৰী ক'ৰণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধাটো এতিয়া বাধ্যতামূলক । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আত্ম সহায়ক গোটৰ দ্বাৰা কপাহী কাপোৰ আৰু গামোচাৰে প্ৰায় ৩৮ টাকৈ আত্মসহায়ক গোটে প্ৰস্তুত কৰা মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰে নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদত । জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে মুকলি কৰা এই কেন্দ্ৰটো মুকলি কৰে জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। আনহাতে,আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা এই সমূহ মাস্ক এবাৰ ব্যৱহাৰ কৰা মাস্কৰ লেখিয়া নহয়। এই মাস্ক পুনৰ ধুই ব্যৱহাৰ কৰিব পাৰে মানুহে ।
ইফালে,লক ডাউনৰ সময়ত ঘৰত থকা মহিলা সকলে এই মাস্ক বিক্ৰীৰ ফলত আৰ্থিকভাৱে কিছু সকাহ পাব বুলি উল্লেখ কৰে জিলাৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰে । ইফালে ২৩ এপ্ৰিলৰ পৰা আৰম্ভ কৰা এই কেন্দ্ৰটোত প্ৰায় ২০০০ অধিক মাস্ক বিক্ৰীৰ কথা উল্লেখ কৰে কেন্দ্ৰটোৰ সদস্যা সুখীয়ে । অতি কম মূল্যত বিক্ৰী কৰা মাস্ক লৈ ৰাইজৰ বহুতো সমাদৰ লাভ কৰা বুলি উল্লেখ কৰে সদস্যা গৰাকীয়ে । আনহাতে, কেন্দ্ৰটোত থকা ৯৮৬৪১৮২০৭০ এই নম্বৰৰ হোৱাটছ এপৰ জৰিয়তেই অনলাইন যোগে মাস্কৰ অৰ্ডাৰ দিব পাৰিব বুলিও সদৰি কৰে ।
লগতে পঢ়ক- নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা