ETV Bharat / state

Nalbari turns into Mini Dispur: ফণী শৰ্মাই পাতিছে মনসা পূজা; মিনি দিছপুৰত পৰিণত নলবাৰীৰ বৰ আজাৰা

author img

By

Published : Feb 10, 2023, 7:29 PM IST

বৃহস্পতিবাৰে মিনি দিছপুৰত পৰিণত হ’ল নলবাৰীৰ বৰ আজাৰা অঞ্চল ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ বৰ আজাৰাস্থিত বাসগৃহত আয়োজিত মনসা পূজাত সেৱা ল’বলৈ আহিল বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক ৷ সকলোৱেই দেৱীৰ চৰণত সেৱা জনাই ৰাজ্য তথা ৰাইজৰ মংগল কামনা কৰে (Nalbari turns into Mini Dispur) ৷

Nalbari turns into Mini Dispur
ফণীন্দ্ৰ নাথ শৰ্মাৰ মনসা পূজাত মন্ত্ৰী বিধায়কৰ ভিৰ

নলবাৰী, 10 ফেব্ৰুৱাৰী: মিনি দিছপুৰত পৰিণত হ’ল নলবাৰীৰ এখন মনসা পূজা থলী । নলবাৰীৰ বৰ আজাৰাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ বাসগৃহত (BJP state secretary Phanindra Nath Sharma) আয়োজিত মা-মনসা পূজাত উপস্থিত মন্ত্ৰী, বিধায়ককে ধৰি বিজেপি দলৰ নেত আৰু কৰ্মীসকল ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ নলবাৰীৰ বৰ আজৰাৰ বাসগৃহত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় মনসা পূজা (Nalbari turns into Mini Dispur) ।

এই বিশেষ পূজা স্থলীতে ৰাতিপুৱাৰ পৰা মাৰ আশীৰ্বাদ লোৱাৰ বাবে ভিৰ কৰে বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে আন দলৰ বিধায়কৰ আৰু আন আন ৰথী-মহাৰথী সকলে (Politicians rushed to Nalbari) । ৰাতিপুৱাই মা মনসাৰ আশীষ লোৱাৰ বাবে উপস্থিত হ’ল বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক সুশান্ত বৰগোহাঁই, বিধায়ক মৃণাল শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰামানন্দ ৰাজবংশীকে আদি কৰি বহু ৰথী-মহাৰথী (Mansa Puja held by BJP state secretary)।

উল্লেখযোগ্য যে, প্ৰতি বছৰে এইখন মনসা পূজা থলী পৰিণত হয় মিনি দিছপুৰলৈ । কেইবাজনো নেতাই মাৰ আশীস লৈ সকলোৰে মংগল কামনা কৰাৰ লগতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নিজৰ মত ব্যক্ত কৰে । বিধায়ক পৰামানন্দ ৰাজবংশীয়ে সাহিত্য সভাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাৰায়ণপুৰত হৈ যোৱা সাহিত্য সভাৰ অধিৱেশনত একপ্ৰকাৰ বেমেজালি হোৱা বুলি স্বীকাৰ কৰে । আদৰণি সমিতি আৰু মূল সমিতিৰ মাজত সম্পৰ্কৰ কিছু তাৰতম্য থকাৰ বাবেই এনে হোৱা বুলি তেওঁ উল্লেখ কৰে (Paramananda Rajbanshi on Sahitya Sabha)

আনহাতে, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই ৰাজনীতিত পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, ভাৰতীয় জনতা পাৰ্টিত ৰাষ্ট্ৰ প্ৰথম, তাৰ পিচত দল আৰু তাৰ পিচতহে ব্যক্তি । দলে যদি টিকট দিয়ে নিশ্চয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মত ব্যক্ত কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে (Angurlata Deka comments on upcoming election)।

একে অনুষ্ঠানতে অংশগ্ৰহণ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যইও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই পূজাখনৰ সৈতে দীৰ্ঘদিনৰ পৰা আত্মিক সম্পৰ্ক থকা বুলি তেওঁ মন্তব্য কৰে ৷ একেটা অনুষ্ঠানতে উপস্থিত থকা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও মাৰ চৰণত সকলোৰে মংগলৰ বাবে সেৱা জনোৱা বুলি জনায় ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, আনন্দৰ বাবেহে তেওঁ গীতৰ দুই এটা কলি আওঁৰাই (Ramakanta Deuri songs) ৷ মুখ্যমন্ত্ৰীৰ অনুৰোধতহে মৰিগাঁৱত গীত গোৱা বুলি উল্লেখ কৰি বিধায়ক দেউৰীয়ে সাংবাদিকে গীত গাবলৈ কোৱা বিষয়টো এৰাই চলে ৷

লগতে পঢ়ক: Teacher not available: এজনীয়া শিক্ষকৰ দ্বাৰা চলিছে অসমৰ ৩,৩৬১ খন বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.