ETV Bharat / state

Makhibaha Library inauguration : ড৹ সমুজ্জ্বল ভট্টাচাৰ্য-জুবিন গাৰ্গৰ উপস্থিতিত মুকলি ৰাজহুৱা পুথিভঁৰাল - Zubin Garg at Makhibaha

দেওবাৰে উদ্বোধন কৰা হয় টিহুৰ সমীপৰ মাখিবাহাৰ নৱনিৰ্মিত ৰাজহুৱা পুথিভঁৰালটো (Makhibaha Library inauguration) ৷ পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ ৷

As_nlb_01_28Nov_zubeen_Garg_V_AS10004
Makhibaha Library inauguration : অনুষ্ঠানত উপস্থিত সমুজ্জ্বল ভট্টাচাৰ্য, জুবিন গাৰ্গ
author img

By

Published : Nov 29, 2021, 10:31 AM IST

নলবাৰী, 29 নৱেম্বৰ : দেওবাৰে নলবাৰী জিলাৰ মাখিবাহাত নৱনিৰ্মিত ৰাজহুৱা পুথিভঁৰালটো উদ্বোধন (Makhibaha Library inauguration)কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা(Chief advisor of AASU) ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে কণ্ঠশিল্পী জুবিন গাৰ্গ, গৰিমা গাৰ্গ, IPS বিষয়া পাৰ্থসাৰথি মহন্ত, IPS বিষয়া দিগন্ত বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

Makhibaha Library inauguration
মাখিবাহাত ৰাজহুৱা পুথিভঁৰাল মুকলি

একেদিনতে মাখিবাহা ৰাজহুৱা পুথিভঁৰালৰ লগতে মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰো শুভ উদ্বোধন (Makhibaha AASU office inauguration)কৰা হয় ৷ ৰাজহুৱা পুথিভঁৰালটো উদ্বোধন কৰি আছুৰ উপদেষ্টা ভট্টাচাৰ্যই এয়া নৱপ্ৰজন্মৰ বাবে যথেষ্ঠ উৎসাহজনক খবৰ বুলি সদৰী কৰে ৷ অসমত ইতিমধ্যে বহু আন্দোলন হৈছে আৰু প্ৰয়োজনত বহু আন্দোলন হ’ব ৷ কিন্তু পাঠক সমাজৰ লগতে পঢ়ুৱৈসকলক উৎসাহিত কৰা উদ্দেশ্যৰে ৰাজ্যত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব লাগিব বুলি ভট্টাচাৰ্যই ব্যক্ত কৰে ৷ তদুপৰি পুথিভঁৰালটোৰ দেৱালত অংকন কৰা ভিন্ন ছবিৰ মাজত নিজৰ ছবিখন দেখি একপ্ৰকাৰ আবেগিক হৈ পৰে আছুৰ মুখ্য উপদেষ্টাগৰাকী ৷

মাখিবাহা ৰাজহুৱা পুথিভঁৰালৰ উদ্বোধনী অনুষ্ঠান

তদুপৰি বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ সন্দৰ্ভত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, বৰাকত বাৰম্বাৰ অসমীয়া ভাষাক অপমান কৰা হৈছে ৷ এইটো অক্ষমণীয় অপৰাধ ৷ চৰকাৰৰ দুৰ্বলতা আৰু নিস্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰিছে একাংশই ৷ মুষ্টিমেয় এইচাম লোকক সকীয়নি প্ৰদান কৰাৰ লগতে বৰাকত অসমীয়া ভাষা অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ৷

আনহাতে, শিল্পী জুবিন গাৰ্গে এই অনুষ্ঠানতে তেওঁৰ বহু প্ৰতীক্ষিত ‘মনৰে কইনা’ শীৰ্ষক গীতটো মুক্তি দিয়ে (Zubeen Gargs releases new song at Nalbari)৷ অসমীয়া শ্ৰোতাক গীতটো আদৰি ল’বলৈ আহ্বান জনায় জুবিনে ৷ ইয়াৰ লগতে নলবাৰীৰ মাখিবাহাৰ দৰে অঞ্চলত ৰাজহুৱা পুথিভঁৰাল নিৰ্মাণৰ কাৰ্য যথেষ্ঠ ভাল কাম হোৱা বুলি প্ৰশংসা কৰে শিল্পীগৰাকীয়ে ৷ সমান্তৰালকৈ প্ৰদীপ দত্ত ৰয় সন্দৰ্ভত বৰাক-ব্ৰহ্মপুত্ৰৰ একতাত এজন লোকৰ মন্তব্যই কোনো ক্ষতি কৰিব নোৱাৰে বুলি সদৰী কৰে ৷

Makhibaha Library inauguration
মাখিবাহাত ৰাজহুৱা পুথিভঁৰাল মুকলি

মাখিবাহা ৰাজহুৱা পুথিভঁৰালৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মাখিবাহা নিউ চ’কৰ পৰা নৱনিৰ্মিত ৰাজহুৱা পুথিভঁৰাললৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ লগতে পুথিভঁৰালৰ বেৰত কৰা "দেৱাল চিত্ৰ অংকন" মুকলি কৰে মাখিবাহাৰ একাংশ বিশিষ্ট ব্যক্তিয়ে ৷

লগতে পঢ়ক : Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে প্ৰদীপ দত্ত ৰয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.