ETV Bharat / state

ধাৰ লৈ সংসাৰ চলোৱাটো সহজ: মুখ্যমন্ত্ৰীক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ - CPIM Meeting Nalbari

Lurinjyoti Gogoi: চৰকাৰী চাকৰি লাভ কৰিবলৈ হ’লে মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্মলাভ কৰিব লাগিব ৷ বয়স যিমান হ’লেও চাকৰি পায় জালুকবাৰীত জন্ম হ’লে ৷ ধাৰ কৰি ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী ৷

Lurinjyoti Gogoi
মুখ্যমন্ত্ৰীক চোকা সমালোচনা লুৰীণজ্যোতি গগৈৰ
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 6:12 PM IST

মুখ্যমন্ত্ৰীক চোকা সমালোচনা লুৰীণজ্যোতি গগৈৰ

নলবাৰী, ৯ জানুৱাৰী: মঙলবাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণত কাঁহ পৰি জীণ গ’ল বিশাল গণজাগৰণ সভা ৷ নলবাৰীত মঙলবাৰে চি পি আই (এম)ৰ বিশাল গণজাগৰণ সমাৱেশত অংশগ্ৰহণ কৰি বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অজাপৰ সভাপতিগৰাকী ।

প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গণজাগৰণ সমাৱেশখনত উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জ্যেষ্ঠ চি পি আই এম নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আদি ৷

উক্ত সভাত জ্যেষ্ঠ চি পি আই এম নেতা হেমেন দাসে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভাষণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয় যে এতিয়া চৰকাৰী চাকৰি পাবলৈ হ’লে মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম লাভ কৰিব লাগিব ৷ জালুকবাৰী সমষ্টিত জন্ম হ’লে ৫৫ বছৰ হ’লেও চৰকাৰী চাকৰি পাব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

অসমৰ সকলো দুৰ্নীতি, ছিণ্ডিকেটৰ মূল নায়ক অসমৰ মুখ্যমন্ত্ৰী বুলি ভাষণ প্ৰসংগত মন্তব্য কৰি অসমৰ দুই মন্ত্ৰীও ইয়াৰ অংশীদাৰ বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে । অসমৰ দুই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰীকাক পৰোক্ষভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নন্দী আৰু ভিংগী আখ্যা দিয়ে লুৰীণজ্যোতি গগৈয়ে ।

ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ছিণ্ডিকেট, তেওঁৰ পত্নীৰ দুৰ্নীতি, তেওঁলোকৰ পুত্ৰসহ অঙহী-বঙহীৰ দুৰ্নীতি আগন্তুক লোকসভা নিৰ্বাচনৰ মূল ইছ্যু হ’ব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে অসমৰ বিৰোধী ঐক্যমঞ্চৰ 15 টা ৰাজনৈতিক দল এক হৈ থাকিলেই হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি থাকে ৷ সেয়েহে বিৰোধী ঐক্যমঞ্চ ভাঙিবলৈ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি থকা বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: বছা ভৰলুৱা গাঁৱত লুৰিণজ্যোতি গগৈ: 25 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.