ETV Bharat / state

Lurinjyoti Gogoi In Nalbari: প্ৰতিবাদৰ ভাষা নুবুজে চৰকাৰেঃ লুৰিণজ্যোতি গগৈ

author img

By

Published : Feb 12, 2023, 8:41 AM IST

Updated : Feb 12, 2023, 10:19 AM IST

শনিবাৰে নলবাৰীত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । নলবাৰীত উপস্থিত বিজেপিৰ সমালোচনাৰে মুখৰ হৈ পৰে এজেপিৰ সভাপতিগৰাকী(Lurinjyoti Gogoi slams BJP in Nalbari) । AIUDFৰ সৈতে বিজেপিৰ গোপন এজেণ্ডা থকা বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে ।

Lurinjyoti Gogoi slams BJP in Nalbari
প্ৰতিবাদৰ ভাষা নুবুজে চৰকাৰেঃ লুৰিণজ্যোতি গগৈ

নলবাৰী,১২ ফেব্ৰুৱাৰী: ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে তৎপৰ হৈ উঠিছে ৰাজনৈতিক দলসমূহ । শনিবাৰে নলবাৰীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi In Nalbari) । নলবাৰীত উপস্থিত হৈ অসম জাতীয় পৰিষদকৰ সভাপতিগৰাকীয়ে তীব্ৰ সমালোচনা কৰে শাসকীয় দল বিজেপিক(Lurinjyoti Gogoi slams BJP in Nalbari) । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে এআইইউডিএফৰ সৈতে বিজেপিৰ গোপন এজেণ্ডা থকা বুলি উল্লেখ কৰে ।

নলবাৰীত উপস্থিত হৈয়েই আজি দুদিনৰ পৰা নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তকৰণৰ বিৰুদ্ধে দল সংগঠনকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিবাদৰ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লুৰিণজ্যোতি গগৈয়ে কয় যে চৰকাৰে প্ৰতিবাদৰ ভাষা কেতিয়াও নুবুজে । প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণৰে দমন কৰিবলৈ চেষ্টা চলাই এইখন চৰকাৰে । লগতে তেওঁ কয় যে কা আন্দোলনৰ সময়তো যি ৫ জন শ্বহীদ হ'ল তেওলোকক আজিলৈ শ্বহীদ ঘোষণা নকৰিলে বিজেপি চৰকাৰে(CAA Protest in Assam) । অসমত একনায়কত্ববাদী শাসন চলিছে । মন্ত্ৰী দপ্তৰবোৰ এনেয়ে ভগাই দি সকলো সিদ্ধান্ত কেৱল এজনেই লয় । সমস্ত সিদ্ধান্তৰ হৰ্তাকৰ্তা কেৱল মুখ্যমন্ত্ৰী জনেই বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে গগৈয়ে ।

চৰকাৰৰ এনে দমনমুলক নীতিৰ বিৰুদ্ধে ৰাইজক এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে । বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নোহোৱা কৰিবলৈ ওলাইছে বুলি অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে । ইয়াৰ বিৰুদ্ধে ৰাইজক বিচাৰ বিবেচনাৰ বাবে আহ্বান জনায় নেতাগৰাকীয়ে । কা আন্দোলনত কূটকৌশল ৰচনা কৰাসকলক বিজেপিয়ে নেতা সজাইছে বুলি উল্লেখ কৰে গগৈয়ে ।

এয়া সুস্থ গণতন্ত্ৰৰ বাবে কেতিয়াও নীতি নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় যে আন্দোলন কৰিলেই কূটকৌশল ৰচনা কৰে বিজেপিয়ে । অখিল গগৈৰ ওপৰতো কূট কৌশলেৰে নিয়াৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । অখিল গগৈ যদি দোষী কিয় এবাৰ মুকলি কৰি দিছিল বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে । আন্দোলন প্ৰতিবাদ কৰিলে বিভিন্ন অভিসন্ধি জাপি দিয়ে এইখন চৰকাৰে ।

যদি অখিল গগৈ দোষী হয় তেন্তে অখিল গগৈক মুকলি কৰি দিয়াটো এখন নাটক আছিল বিজেপিৰ । বিজেপিয়ে নিৰ্বাচনত নাটক ৰচনা কৰি অখিল গগৈক মুকলি কৰি দিছিল । এতিয়া অখিল গগৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হোৱা বাবে চৰকাৰৰ বিৰুদ্ধে কথা কোৱা বাবে আকৌ নিয়াৰ দ্বাৰা গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াবলৈ ওলাইছে । ৰাইজে এইবোৰ বিচাৰ কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে ।

আনহাতে বাল্যবিবাহ বিৰোধী অভিযানৰ বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা বুলি উল্লেখ কৰে নেতাগৰাকীয়ে(Lurinjyoti Gogoi operation against child marriage) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ গুলীটো মুছলমানক টাৰ্গেট কৰি ফুটোৱা বুলি অভিযোগ উত্থাপন কৰি নেতাগৰাকীয়ে কয় যে হিমন্ত বিশ্বৰ টাৰ্গেট আছিল বেলেগলৈ কিন্ত চাহ জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীৰ লোক যেতিয়া আটক হ'ল তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নীসকলক সংস্থাপনৰ দিয়াৰ আশ্বাস দি এখন নাটক ৰচা বুলি উল্লেখ কৰে লুৰিণ জ্যোতি গগৈয়ে ।

লুৰিণজ্যোতি গগৈয়ে লগত কয় যে চৰকাৰৰ সজাগতা, সঠিক শিক্ষা প্ৰদানত ব্যৰ্থতাৰ বাবে আজি বাল্যবিবাহ বৃদ্ধি পাইছে । ইয়াৰ বাবে মূলত দায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁ এটা ৰাতিৰ ভিতৰত চমক সৃষ্টিৰ বাবে এনেকুৱা পৰিৱেশ গঢ়ি তোলা বুলি কয় লুৰিণজ্যোতি গগৈয়ে । চৰকাৰে ভাবি চাব লাগে যে আটক হোৱা স্বামীবোৰৰ পৰিয়ালবোৰ কেনেকে চলিব । এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে এনেকুৱা সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

আনহাতে ৰাজনৈতিক প্ৰসংগত নেতাগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফক বাদ দি সকলো দল একত্ৰিত হৈ নিৰ্বাচন খেলাৰ আহ্বান জনায় । সকলো শক্তি ঐক্যবদ্ধ হৈ আগন্তুক লোকসভা নিৰ্বাচনত যুঁজ দিয়াৰ আহ্বান জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । বিজেপি এই আই ইউ ডি এফৰ মিত্ৰতা গোপন এজেণ্ডা বুলি কয় লুৰিণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: Youth jumps from Kaliabhomora bridge : কলিয়াভোমোৰাৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

Last Updated : Feb 12, 2023, 10:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.