নলবাৰী,8 মে'ঃ লক্ ডাউনৰ সময়ত এক দুৰ্বিসহ জীৱন কটাইছে ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰীৰ নতুন খেলুৱা গাঁৱৰ এটা পৰিয়ালে । পৰিয়ালটোৰ মুৰব্বী বকুল দাস আক্ৰান্ত পেৰালাইচিছ ৰোগত। ইফালে একমাত্ৰ পুত্ৰ মনোজ দাসো এক বিশেষ ৰোগত আক্ৰান্ত । বকুল দাসৰ পত্নী অকন দাসে ঘৰে ঘৰে ভিক্ষা মাগি কোনোমতে চলাই আছে পৰিয়ালটো । কিন্তু লক্ ডাউনৰ সময়ত আনৰ ঘৰত ভিক্ষা মাগিবলৈ যাঁওতে ককৰ্থনাৰ সন্মুখীন হ'ব লগা হৈছে অকন দাস । ইয়াৰ পিছতে ভিক্ষা মাগিবলৈ যোৱাটোও বন্ধ হৈ পৰে অকন দাসৰ । ফলত তীব্ৰ খাদ্য সংকটে দেখা দিছে পৰিয়ালটোত । চৰকাৰী ভাবেও পৰিয়াল টোৱে লাভ কৰা নাই কোনো খাদ্য সামগ্ৰী আৰু আন সাহায্য । এক দুৰ্বিসহ জীৱন কটোৱা পৰিয়ালটোৰ কোনোৱে খবৰ লোৱা নাই এতিয়ালৈকে । আনকি খাবলৈ নাই এটোপা বিশুদ্ধ খোৱা পানী । জানৰ পৰা পানী তুলি খাই পৰিয়ালটোৱে ৷ ৰুগীয়া স্বামী আৰু পুত্ৰক লৈ এতিয়া চিন্তিত হৈ পৰিছে অকন দাস । এতিয়া চৰকাৰ, স্থানীয় বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰী, দল-সংগঠন তথা ব্যক্তি বিশেষক এই দুৰ্যোগৰ সময়ত অলপ সহায় কৰিবলৈ অনুৰোধ জনাইছে অকন দাসে ।
লক্ ডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত ভুগিছে নলবাৰীৰ এটা পৰিয়াল - lock down impact on poor people
কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে চলি থকা লক্ ডাউনৰ সময়ত খাদ্য সংকটে দেখা দিছে বহু পৰিয়ালত । চৰকাৰী ভাবে নাইবা চৰকাৰী কৰ্মচাৰী আৰু ব্যক্তি বিশেষৰ পৰা একাংশ পৰিয়ালে খাদ্য সামগ্ৰী লাভ কৰিছে যদিও আন একাংশ পৰিয়াল বঞ্চিত হৈ আছে সকলো দিশৰ পৰা ।