ETV Bharat / state

Diwali in Assam: দীপাৱলীৰ বাবে আতচবাজী বনোৱাত ব্যস্ত থলুৱা ফটকা উদ্যোগ

author img

By

Published : Oct 20, 2022, 8:30 PM IST

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী (Diwali 2022)। এইবাৰো বিশেষ আকৰ্ষিত ৰূপত নলবাৰীৰ নিজবাহজানীস্থিত ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোও সাজু হৈ উঠিছে দীপাৱলীৰ বাবে ৷ লগতে সাজি উলিয়াইছে জুবিন গাৰ্গৰ অনামিকা নামেৰে অন্য এবিধ আটচবাজী । যাৰ মূল্য প্ৰায় 16 শ টকা ।

preparation for Diwali 2022 in Nalbari
এইবাৰ দিপাৱলীৰ আকাশত ৰজনজনাব ৰাছিয়া ইউক্ৰেইন

নলবাৰী, ২০ অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী । দীপাৱলীক আদৰিবলৈ সাজু দেশ তথা ৰাজ্যবাসী (Diwali 2022) । আন্ধাৰ বিনাশী পোহৰৰ আৰাধনাৰ বাবে সাজু হৈছে সকলো (Diwali in Assam) । দীপাৱলীৰ ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিন উজলাবলৈ প্ৰস্তুতি চলিছে সৰ্বত্ৰে (Preparation for Diwali in Assam) ।

দীপাৱলী মানেই চাকি-বন্তি আৰু আতচবাজীৰ পোহাৰ । পোহৰৰ উৎসৱত আটচবাজীৰে আকাশ ৰজনজনাবলৈ সাজু হৈছে নলবাৰীৰ বাহজানীৰ এটা আটচবাজী উদ্যোগ ৷ এইবাৰো বিশেষ আকৰ্ষিত ৰূপত জিলাখনৰ নিজবাহজানীস্থিত ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোও সাজু হৈ উঠিছে দীপাৱলীৰ বাবে (Nalbari local fire crackers industry) ৷ বহজানীৰ গজেন তলুকদাৰৰ ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোৱে এইবাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি সাজি উলিয়াইছে ৰাছিয়া আৰু ইউক্ৰেইন নামৰ এবিধ আটচবাজী ।

লগতে সাজি উলিয়াইছে জুবিন গাৰ্গৰ অনামিকা নামেৰে অন্য এবিধ আটচবাজী । যাৰ মূল্য প্ৰায় 16 শ টকা । আনহাতে ৰাছিয়া আৰু ইউক্ৰেইন আটচবাজীৰ মূল্য প্ৰায় ৮০০ ৰ পৰা ৯০০ টকা বুলি জানিবলৈ দিয়ে । নলবাৰীৰৰ ‘মা আইকন আটচবাজী উদ্যোগ’ নামৰ থলুৱা উদ্যাগটোত দীপাৱলীৰ আকাশ পোহৰাবলৈ সম্প্ৰতি প্ৰায় চল্লিশগৰাকী কৰ্মচাৰীয়ে দিনে নিশাই আটচবাজী নিৰ্মাণত ব্যস্ত (Nalbari local fire crackers industry ready) ।

তাৰ সামন্তৰালকৈ ঢেঁকীশালত আটচবাজীৰ বাবে বাখৰ খুন্দাত ব্যস্ত পৰিয়ালটোৰ মহিলাসকল । উদ্যোগটোৰ স্বত্বাধিকাৰী গজেন তালুকদাৰে জনোৱা অনুসৰি, এই থলুৱা উদ্যোগটোৰ পৰা লাখ লাখ টকাৰ আটচবাজী অসমৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় ৷ এইবেলিও বহু লক্ষাধিক আটচবাজী নিৰ্মাণ কৰি ইতিমধ্যে পাইকাৰী বজাৰত তেওঁলোকে বিক্ৰী কৰা বুলি জানিব দিয়ে ।

নলবাৰীৰ লগতে বৰপেটাতো দীপাৱলীৰ ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিন উজলাবলৈ ব্যস্ত হৈ পৰিছে এজাক থলুৱা কাৰুশিল্পী (Barpeta local fireworks industry) ৷ উল্লেখযোগ্য যে, ১৮৮৫ চনত বৰপেটাৰ পাঠক বংশৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজী শিল্পটো ৷ বিভিন্ন সমস্যা আৰু প্ৰতিকূলতাক নেওচি বৰপেটাৰ পাঠক বংশৰ নৱ-প্ৰজন্মই শিল্পটো জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে (Barpeta local fire crackers industry) ৷

শতিকা প্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশ যিধৰণে হ'ব লাগিছিল এতিয়ালৈ তেনেধৰণে বিকাশ হোৱা নাই ৷ অৱশ্যে আগন্তুক দিনত বৰপেটাৰ এই ঐতিহ্যপূৰ্ণ শিল্পটোক বিকাশ, প্ৰসাৰ আৰু বৰ্তাই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰো প্ৰয়োজন আছে ।

চৰকাৰৰ উচিত আৰু দীৰ্ঘম্যাদী প্ৰকল্পৰে এই শিল্পটোক স্থায়িত্ব প্ৰদানৰ প্ৰচুৰ সম্ভাৱনা আছে । লগতে শিল্পটোৰ লগত জড়িত লোকসকলৰ আৰ্থিক সুৰক্ষাৰ দিশতো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে নৱ-প্ৰজন্ম শিল্পটোৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ থল আছে ।

লগতে পঢ়ক: Barpeta Fireworks : দীপাৱলীৰ বাবে সাজু বৰপেটাৰ থলুৱা আতচবাজী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.