ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন প্ৰমোদ বড়োৰ দেহৰক্ষী জোৱান ৰাজু কলিতাৰ

author img

By

Published : Apr 20, 2022, 10:05 PM IST

দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দেহৰক্ষী জোৱান ৰাজু কলিতাই । নলবাৰী বৰখানাজানস্থিত নিজ বাসগৃহত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে দেহৰক্ষী জোৱানজনৰ শেষকৃত্য সম্পন্ন (Last rites of Jawan Raju Kalita at Nalbari) কৰা হয় ।

Last rites of jawan Raju Kalita at Nalbari
ৰাজ্যিক মৰ্যদাৰে দেহৰক্ষী জোৱান ৰাজু কলিতাৰ শেষকৃত্য সম্পন্ন

নলবাৰী, ২০ এপ্ৰিল : দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দেহৰক্ষী জোৱান ৰাজু কলিতাই । বুধাবাৰে দেহৰক্ষী জোৱানজনৰ নলবাৰীৰ বৰখানাজানস্থিত নিজ বাসগৃহত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় (Last rites of Jawan Raju Kalita at Nalbari)।

নলবাৰী বৰখানাজান গাঁও নিৱাসী ধৰনী কলিতাৰ কণিষ্ঠ পুত্ৰ ৰাজু কলিতা দীৰ্ঘদিন ধৰি প্ৰমোদ বড়োৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল । মংগলবাৰে নিশা মাজবাটৰ পৰা কনভয় গৈ থকা অৱস্থাত তামুলপুৰ এঘাৰ মাইলত এক পথ দুৰ্ঘটনা সংঘটিত হয় যি দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুক সাৱটি ল'লে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দেহৰক্ষী ৰাজু কলিতাই ৷

সেইমৰ্মে, বুধবাৰে মৃত ৰাজু কলিতাৰ বাসগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ ৰাজু কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পৰিয়ালটিলৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য তথা পৰিয়ালটোৰ সংস্থাপনৰ ব্যৱস্থাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । সমান্তৰালভাৱে বিটিচি প্ৰধানগৰাকীৰ উপস্থিতিত মৃত ৰাজু কলিতাৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় ।

লগতে পঢ়ক : গৰু বিহুৰ দিনাই বৰাজোলত চাইন ক্লাৱৰ সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.