ETV Bharat / state

Jayanta Malla Baruah Sudden Visit: নলবাৰী মেডিকেল কলেজ হাস্পতালত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট

নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতালত ছাডেন ভিজিট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ৷ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগৰ লগতে চিকিৎসালয়খনৰ ভৌগোলিক দিশটো তন্ন তন্নকৈ ভিজিট চলাই মন্ত্ৰীগৰাকীয়ে ৷

Jayanta Malla Baruah Sudden Visit
নলবাৰী মেডিকেল কলেজ হাস্পতালত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট
author img

By

Published : Jul 24, 2023, 3:11 PM IST

নলবাৰী মেডিকেল কলেজ হাস্পতালত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট

নলবাৰী, 24 জুলাই : সোমবাৰে বঙাইগাঁৱলৈ গৈ থকা অৱস্থাত ঘগ্ৰাপাৰস্থিত নলবাৰী মেডিকেল কলেজ হাস্পতালত ছাডেন ভিজিট চলাই কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগৰ লগতে চিকিৎসালয়খনৰ ভৌগোলিক দিশটো তন্ন তন্নকৈ ভিজিট চলাই মন্ত্ৰীগৰাকীয়ে ৷ হাস্পতালখনত ছাডেন ভিজিট চলাই 100 শতাংশ ডাক্তৰ, নাৰ্চকে ধৰি সকলো বিষয়া কৰ্মচাৰী উপস্থিত থকা বুলি সদৰী কৰে মন্ত্ৰী তথা হাস্পতালখনৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷

বিশেষকৈ জুলাই মাহত পঞ্চাশ শতাংশ চিকিৎসক কৰ্মচাৰী ছুটীত থকা বুলি সদৰী কৰি চিকিৎসালয়খনত ৰোগীৰ অনুপাতে পৰ্যাপ্ত চিকিৎসক কৰ্মচাৰী উপস্থিত থকা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে নলবাৰী মেডিকেল কলেজৰ লগত একেলগে মুকলি হোৱা নগাঁও আৰু কোকৰাঝাৰ মেডিকেল কলেজতকৈ নলবাৰী মেডিকেল কলেজত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ মন্ত্ৰী বৰুৱাই কয় যে, আন দুখন হাস্পতালতকৈ নলবাৰী মেডিকেল কলেজত প্ৰতিমাহে 15 হাজাৰৰ পৰা 16 হাজাৰলৈ ৰোগী নলবাৰী মেডিকেল কলেজত চিকিৎসাৰ বাবে আহিছে ৷ দৈনিক 500 গৰাকীলৈ ৰোগীয়ে বৰ্তমান চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা সেৱা সুন্দৰ ভাৱে পাই আহিছে ৷

ইপিনে নলবাৰী মেডিকেল কলেজৰে চিভিল হাস্পতালখন সংলগ্নীকৰণ কৰাৰ পিচত নলবাৰী চিভিল হাস্পতালখনত চিকিৎসাৰ সুবিধা কমি যোৱাত নলবাৰী মেডিকেল কলেজত বৰ্তমানেও বহু ৰোগীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, এই বৰ্ষৰ আগষ্ট চেপ্তেম্বৰৰ পৰাহে নতুনকৈ ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী মেডিকেল কলেজত নামভৰ্তি কৰিব ৷ গতিকে আগন্তুক চাৰিবছৰলৈ কিছু তেনে অসুবিধা চলি থাকিব ৷ জুনিয়ৰ চিকিৎসক যেতিয়ালৈ এইখন মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ নোলাব তেতিয়ালৈ চিনিয়ৰ চিকিৎসকৰ দ্বাৰাই চিকিৎসা প্ৰদান কৰি থকা হ’ব ৷ যাৰ ফলত কিছু চিকিৎসাৰ ক্ষেত্ৰত তেনে সমস্যা চাৰি বছৰলৈ থাকিব ৷

আনহাতে চিকিৎসা মহাবিদ্যালয়ৰ যাতায়তৰ ক্ষেত্ৰত এ এছ টি চিৰ নতুন বাছ আহিলে পুনৰ চিটি বাছ বৃদ্ধি কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ বৰ্তমান তিনিখন বাছেৰে যাত্ৰী তথা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে ৷ এ এছ টি চিৰ নতুন বাছ আহিলে প্ৰতি আধা ঘন্টাৰ অন্তৰালত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ ৰাইজে বাছ সেৱা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.