নলবাৰী, ৩০ মে': প্ৰবীন সাংবাদিক, শিক্ষাবিদ, বিশিষ্ট লেখক, সমাজকৰ্মী, যাদৱ সেন ডেকাৰ দেহাৱসান (Jadab Sen Deka passes away) । দেওবাৰে সন্ধিয়া ৮.৪৫ ত নলবাৰী জিলাৰ বেলশৰৰ নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত তেখেতে ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২ বছৰ ।
চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে চাকৰি জীৱনৰ লগতে সাহিত্যিক আৰু সংবাদ জগতখনত সুদীৰ্ঘ ৩০ বছৰ নিয়াৰিকৈ দায়িত্ব চম্ভালি আহিছিল প্ৰয়াত ডেকাই । সাহিত্যিক পেঞ্চনাৰগৰাকীয়ে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল ৷
আনহাতে ডেকাই কেইবাখনো গ্ৰন্থ পাঠক সমাজক উপহাৰ দিয়াৰ লগতে নৱ উন্মী নামৰ এক সাপ্তাহিক কাকতত সম্পাদনা কৰিছিল ৷ ইয়াৰ উপৰিও কল্পনা মহিলা থিয়েটাৰ নামেৰে এটা নাট্য দল খুলি অঞ্চলটোৰ লোকসকলৰ পৰা বিশেষ সমাদৰ লাভ কৰিছিল ডেকাই । বৰ্ষীয়ান সংবাদ, সমাজকৰ্মী জন মৃত্যুত সমগ্ৰ নলবাৰী জিলাত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়কঃ সহযোগিতা আৰু যোগাযোগ ব্যৱস্থা অর্থনৈতিক সমৃদ্ধিৰ মূল চাবি-কাঠি : মুখ্যমন্ত্রী