ETV Bharat / state

কৃতিমানৰে মত বিনিময় নলবাৰীৰ জিলা উপায়ুক্তৰ - বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়

"আমাৰ দায়িত্ব আমাৰ ভৱিষ্যৎ" শীৰ্ষক আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে নলবাৰীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ অনুষ্ঠানটোৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পৰা স্থান লাভ কৰা ছাত্র-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে উপায়ুক্ত গৰাকীয়ে ৷

Interact programme with dc nalbari assam etv bharat news
মত বিনিময় অনুষ্ঠান
author img

By

Published : Jun 18, 2020, 7:30 PM IST

নলবাৰী,18 জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ পৰা স্থান লাভ কৰা ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোত উপায়ুক্ত গৰাকীৰ নিৰ্দেশনামৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্নাৰাণী বৰ্মনে আয়োজন কৰে "আমাৰ দায়িত্ব আমাৰ ভৱিষ্যত" শীৰ্ষক অনুষ্ঠানৰ । এই অন্তৰংগ আলাপ অনুষ্ঠানত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে উপায়ুক্ত গৰাকীৰ সৈতে মত বিনিময় কৰে । উপায়ুক্তগৰাকীয়ে ছাত্র-ছাত্ৰীক উদ্দেশ্যি সু-নাগৰিক হোৱাৰ লগতে দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ কথাৰে উৎসাহিত কৰে ৷

কৃতিমানৰে মত বিনিময় নলবাৰীৰ জিলা উপায়ুক্তৰ

উক্ত অনুষ্ঠানত জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, স্থান প্ৰাপ্ত ছাত্র-ছাত্ৰীসকলৰ অভিভাৱক, বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকল উপস্থিত থাকে ।

লগতে চাওকঃ প্ৰধানমন্ত্ৰীৰ আশ্বাস : বাঘজানৰ ৰাইজক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.