নলবাৰী , 23 এপ্ৰিল : নলবাৰীত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা । ইফালে, ক’ভিড আক্ৰান্তৰ সংখ্যাই চহৰখনত সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ । উল্লেখযোগ্য যে, শুকুৰবাৰৰ দিনটোত 74 গৰাকী লোকৰ দেহত ধৰা পৰিল ক’ভিডৰ সংক্ৰমণ ।
জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি বৰ্তমানলৈকে নলবাৰী জিলাত ক’ভিড আক্ৰান্ত হৈছে মুঠ 259 গৰাকী লোক । আনহাতে, বৰ্তমানেও হোম আইছলেছনত আছে 237 গৰাকী আক্ৰান্ত লো।
ইয়াৰ লগে লগেই এতিয়া স্বাভাৱিকতেই সংকিত হৈছে জিলাখনৰ বাসিন্দা সকল ৷ অৱশ্য়ে, এতিয়া ক’ভিড প্ৰটক’ল সমূহ পালনৰ ক্ষেত্ৰত জনতাৰ সজাগতা নিশ্চিত কৰি ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ অন্য জিলা সমূহৰ দৰেই সষ্টম হৈ পৰিছে নলবাৰী জিলা প্ৰশাসন ৷
লগতে পঢ়ক : ক’ভিড টেষ্টৰ ভয়ত বিমান বন্দৰৰ পৰা পলায়ন কৰা যাত্ৰী বিৰুদ্ধে গোচৰ ৰুজু