ETV Bharat / state

নলবাৰীত অবৈধ কাঠ সহ ট্ৰাক জব্দ

নলবাৰীত অবৈধ কাঠ সহ ১২ চকীয়া ট্ৰাক জব্দ ৷ আটক কৰা হয় ট্ৰাকচালক গৰাকীক ৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় তিনি লক্ষাধিক ৷

illegal-wood-truck-seized-by-nalbari-forest-deptment
নলবাৰীত অবৈধ কাঠসহ ১২চকীয়া ট্ৰাক জব্দ
author img

By

Published : May 24, 2021, 4:40 PM IST

নলবাৰী, 24 মে': নলবাৰী বন বিভাগৰ বৃহৎ অভিযান ৷ নলবাৰী মুকালমুৱাত এখন বাৰ চকীয়া ট্ৰাক(AS23BC 6214) সহ জব্দ কৰা হয় মুল্যবান কাঠ ৷ নলবাৰী মুকালমুৱাত সান্ধ্য আইন আৰু লক ডাউনৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ী চলাই গৈছিল অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷

নলবাৰী আৰক্ষী আৰু বন সংমণ্ডল বিষয়া দীপক ডেকাৰ নেতৃত্বত এক গোপন সুত্ৰৰ ভিত্তিত নলবাৰী মুকালমুৱাৰ কাপালবড়িৰ এখন কাঠৰ দোকানত ট্ৰাক খনৰ পৰা অবৈধ কাঠ খিনি নমাই থকা অৱস্থাত বন বিষয়া আৰু আৰক্ষীয়ে উপস্থিত হৈ কাঠ সহ জব্দ কৰে ট্ৰাকখন ৷

ঘটনাস্থলীৰ পৰা আটক কৰা হয ট্ৰাক চালক গৰাকীক ৷ আটকাধীন ট্ৰাক চালকজন নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ অনা হয় ৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় তিনি লক্ষাধিক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : 12 বিঘা মাটি নিদিয়াৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ল বোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.