ETV Bharat / state

নলবাৰীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া চিকিৎসালয়ৰ অধীক্ষকৰ - নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

কৰ'ণাৰ দ্বিতীয়টো ঢৌত নলবাৰী জিলাৰ প্ৰায় 3,500 গৰাকী লোক আক্ৰান্ত হোৱাত চহৰখনৰ হাস্পতালসমূহত দেখা গৈছে ৰোগীৰ ব্যাপক ভীৰ ৷ তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ এটা বিশেষ ভিডিঅ' ৷ যি ভিডিঅ'ই অসামৰিক চিকিৎসালয়খনৰ প্ৰকৃত ছবিৰ লগতে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷

Hospital superintendent reacts to nalbari's viral video
নলবাৰীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ চিকিৎসালয় অধীক্ষকৰ
author img

By

Published : May 18, 2021, 1:31 PM IST

Updated : May 18, 2021, 1:59 PM IST

নলবাৰী,18 মে': শেহতীয়াকৈ কাল কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে নলবাৰী জিলাত ৷ কৰ'ণাৰ দ্বিতীয়টো ঢৌত জিলাখনৰ প্ৰায় 3,500 গৰাকী লোক আক্ৰান্ত হোৱাত চহৰখনৰ হাস্পতালসমূহত দেখা গৈছে ৰোগীৰ ব্যাপক ভীৰ ৷ তাৰ মাজতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে বিচনাৰ অভাৱ পৰিলক্ষিত হৈছে ৷ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ' ৷ যি ভিডিঅ'ই অসামৰিক চিকিৎসালয়খনৰ প্ৰকৃত ছবিখন উদঙাই দিছে ৷

নলবাৰীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া চিকিৎসালয়ৰ অধীক্ষকৰ

ভিডিঅ'টোত উল্লেখ কৰা মতে, চিকিৎসালয়খনত পুৰুষ-মহিলা ৰোগীক একেটা ৱাৰ্ডতে ৰখাৰ লগতে প্ৰায় এশগৰাকী ৰোগীৰ বাবে মাত্ৰ এটা শৌচাগাৰ থকাৰো অভিযোগ উত্থাপন কৰিছে ৷ তাৰোপৰি চিকিৎসালয়খনত ৰোগীৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নথকাৰ লগতে প্ৰয়োজনীয় ঔষধ নথকা আৰু বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰিবলগীয়া হোৱাৰো অভিযোগ উত্থাপন কৰিছে ক'ভিড ৰোগীসকলে ৷

ইপিনে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতে সৰ্বত্ৰে গৰিহণাৰ সন্মুখীন হৈছে জিলাখনৰ স্বাস্থ্য বিভাগ ৷ সোমবাৰে ভিডিঅ'টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে ৷ অধীক্ষকগৰাকীৰ মতে, সকলো অভিযোগ মিছা ৷ ৰোগীৰ কোনো অসুবিধা হোৱা নাই ৷

লগতে পঢ়ক: শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ

Last Updated : May 18, 2021, 1:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.