ETV Bharat / state

Good Governance Week 2022 : ঘোচ নেখোৱা মানুহো দুৰ্নীতিগ্ৰস্ত হ’ব পাৰে:ভাৰত ভূষণ দেৱচৌধুৰী

author img

By

Published : Dec 24, 2022, 1:43 PM IST

নলবাৰীৰ নাট্যমন্দিৰত জিলা প্ৰশাসনৰ উদ্যোগত "সু প্ৰশাসন আৰু আমাৰ ভৱিষ্যৎ" শীৰ্ষক এদিনীয়া কৰ্মশালাৰ আয়োজন (Good Governance Week celebrated in Nalbari) ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী (IAS Bharat bhushan dev choudhury)।

Good Governance Week 2022
ঘোচ নেখোৱা মানুহো দুৰ্নীতিগ্ৰস্থ হ’ব পাৰে:ভাৰত ভূষন দেৱচৌধুৰী

নলবাৰী, ২৩ ডিচেম্বৰ: দেশজুৰি উদযাপন কৰা হৈছে সুশাসন সপ্তাহ (Good Governance Week 2022) । সমগ্ৰ দেশতে ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সুশাসন সপ্তাহ পালন কৰা হ'ব ৰবিবাৰ তথা অহা ২৫ ডিচেম্বৰলৈ । সমগ্ৰ সপ্তাহটোত, জনসাধাৰণৰ বিভিন্ন সমস্যা আৰু গাঁওসমূহৰ লোকসকলক কেনেদৰে চৰকাৰী সুবিধা দ্ৰুতগতিত প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে ৷ এই সুশাসন সপ্তাহৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনে সৰ্বসাধাৰণৰ সমস্য-অসুবিধাৰ প্ৰতি অৱগত হোৱাৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো উদযাপন কৰা হৈছে সুশাসন সপ্তাহ (Good Governance Week celebrated in Nalbari) ।

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰীত পালন কৰা হৈছে সু শাসন সপ্তাহ ৷ সুশাসন সপ্তাহ উপলক্ষে শনিবাৰে নলবাৰীত আয়োজন কৰা হয় এখনি এদিনীয়া কৰ্মশালাৰ । নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত শণিবাৰে সু শাসন সপ্তাহ ২০২২ শীৰ্ষক কৰ্মশালাখনি নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হয় (Nalbari natya mandir) ৷ নলবাৰী নাট্য মন্দিৰত আয়োজিত এই এদিনীয়া কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী (IAS Bharat bhushan dev Choudhury) ৷

"সু-প্ৰশাসন আৰু আমাৰ ভবিষ্যৎ" শীৰ্ষক এদিনীয়া কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে সু-প্ৰশাসন আৰু আমাৰ ভবিষ্যৎ শীৰ্ষক বিষয়ত তেখেতৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷ অসম লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীয়ে সু-প্ৰশাসন কি, তাক এটি সাধু কথাৰে আৰম্ভ কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ৷ আৰু এই সাধু কথাৰ আঁত ধৰিয়ে কয় যে ঘোচ নেখোৱা মানুহো দুৰ্নীতিগ্ৰস্ত হ’ব পাৰে ৷ আনহাতে সততা কেতিয়াও এটা গুণ বুলি ভবাটো উচিত নহয় ৷ মানুহ মাত্ৰেই প্ৰথম বেয়া দেখে ৷ দেশ তথা ৰাজ্যত সু প্ৰশাসন প্ৰতিষ্ঠা কৰিবলৈ এটা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব ৷ তেতিয়াহে সু প্ৰশাসন প্ৰতিষ্ঠা হ’ব ৷

সু -প্ৰশাসন মানে সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীয়ে ৷ ৰাইজৰ সহায় অবিহনে সু-প্ৰশাসন প্ৰতিষ্ঠা হ’ব নোৱাৰে বুলিও কয় অধ্যক্ষগৰাকীয়ে ৷ ২০১৪ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে বুলি কয় অসম লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীয়ে ৷

কৰ্মশালাখনিত নলবাৰীৰ জিলা উপায়ুক্ত গীতিমণি ফুকন, মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Kumily road accident: কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.