ETV Bharat / state

Girl artwork: পেলনীয়া সামগ্ৰীত প্ৰাণ পাইছে মহান ব্যক্তিৰ চিত্ৰ

author img

By

Published : Feb 19, 2023, 8:02 PM IST

পেলনীয়া চাহপাত, টুহ গুড়ি, শুকান পাত, বাঁহ কাঠিত চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে নলবাৰীৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী(Girl draw pictures with waste materials in Nalbari) । অৰ্থৰ অভাৱতে যুৱতীগৰাকীয়ে আবিস্কাৰ কৰিছিল চিত্ৰাংকনৰ এই পদ্ধতি । পিছে কোন এইগৰাকী যুৱতী ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Girl draw pictures with waste materials in Nalbari
উচ্চ শিক্ষিত যুৱতীৰ শিল্প সাধনা
উচ্চ শিক্ষিত যুৱতীৰ শিল্প সাধনা

নলবাৰী,১৯ ফেব্ৰুৱাৰী: সৃষ্টিৰ সপোন থাকিলে খেৰ-কূটাতো প্ৰাণ পায় শিল্পই । দৰিদ্ৰতা কেতিয়াও হ'ব নোৱাৰে হেঙাৰ । তাকেই যেন বাৰে বাৰে প্ৰমাণ কৰি আহিছে বহু শিল্পীয়ে । এইবাৰ নলবাৰীৰ এগৰাকী যুৱতীয়ে প্ৰমাণ কৰিছে এই কথা । ৰং তুলিকাৰে নহয়, পেলনীয়া সামগ্ৰী, শুকান পাত, বাঁহৰ কাঠিৰে ইখনৰ পাছত সিখনকৈ চিত্ৰ অংকন কৰিছে নলবাৰীৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে(Girl draw pictures with waste materials in Nalbari) ৷

নলবাৰীৰ নিজ বাহঁজানীৰ চৌধাৰী চুবুৰীৰ শিক্ষক যোগেশ চৌধাৰী আৰু চন্দনা চৌধাৰীৰ জ্যেষ্ঠ কন্যা মানসী চৌধাৰী ৷ শৈশৱৰে পৰা ছবি আঁকি ভালপোৱা মানসীৰ হাতত প্ৰাণ পায় উঠিছে ৰাজনৈতিক নেতাৰ পৰা অভিনেতাৰ লগতে দেশ-বিদেশৰ বহু বিখ্যাত ব্যক্তিৰ জীৱন্ত ছবি । মানসীয়ে পেলনীয়া সামগ্ৰীৰে ছবি অংকন কৰি এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । মানসীৰ ওচৰত ৰং ক্ৰয় কৰি ছবি অংকন কৰিবলৈ নাই সমৰ্থ ।

ৰং তুলিকাক বাদ দি অন্য কোনো উপায়েৰে ছবি অংকন কৰিব পাৰি নেকি ? তাকে লৈ ন ন চেষ্টা চলই গৈছিল মানসীয়ে ৷ ২০০৭ চনৰ পৰাই ছবি অংকন কৰিবলৈ লোৱা মানসীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল চুবুৰীৰে কন্দৰ্প শৰ্মা আৰু উৎপল চৌধাৰীৰ ওচৰত ৷ কিন্ত ছবি অংকন কৰিবলৈ ব্যৱহাৰ হোৱা ৰং তুলিকাৰ চৰা দামৰ বাবে যেন সিমানতে থমকি ৰ’ল মানসীৰ সুপ্ত প্ৰতিভা(Poor Girls Painting Art) ৷

কিয়নো মানসীৰ পিতৃ যোগেশ চৌধাৰী নিজ বাঁহজানীৰ হেম বৰুৱা বিদ্যাপীঠত ১৯৯৮ চনৰ পৰা বিজ্ঞানৰ এগৰাকী শিক্ষক হিচাপে কাম কৰি আছে(Mansi Chaudhary paintings) ৷ কিন্ত সুদীৰ্ঘ ২৬ বছৰে বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাত পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থৰ অভাৱ হোৱাত মানসীয়ে ছবি অংকনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হয় ৷ ককাকৰ পেঞ্চনৰ ধনেৰে আৰু পিতৃয়ে বজাৰত কবি আলু বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো কোনোমতে জোৰা টাপলি মাৰি চলাই আহিছে পিতৃ যোগেশ চৌধাৰীয়ে ৷

পিছে যোগেশ চৌধাৰীৰ জ্যেষ্ঠ কন্যা মানসীয়ে পিতৃৰ দুখৰ সমভাগী হৈ চিত্ৰাংকনৰ আশা সিমানতে সামৰি সৃষ্টি কৰিলে আন এক উপায় । ধন খৰছ নকৰাকৈ কেনেকৈ চিত্ৰ অংকন কৰিব পাৰি তাক লৈ মানসীয়ে ন ন কৌশল অৱলম্বন কৰি এদিন মানসীয়ে সৃষ্টি কৰিলে এবিধ নতুন চিত্ৰকলাৰ ৷ পেলনীয়া সামগ্ৰীৰে আঁকি গ'ল এখনৰ পিছত আন এখন চিত্ৰ ৷ পেলনীয়া চাহপাত, টুহ গুড়ি, নাৰিকলৰ পাত, চন্দনৰ গুটিৰে পোন প্ৰথমবাৰৰ বাবে অসমত নজিৰবিহীনভাবে এক নতুন কলাৰ সৃষ্টি কৰিলে মানসীয়ে ৷

নিৰৱিছিন্নভাৱে এখনৰ পিছত আন এখন চিত্ৰ মানসীৰ আঙুলিৰ পৰশত প্ৰাণ পায় উঠিল জীৱন্ত ৰূপত ৷ সুধাকন্ঠ ভূপেন হাজৰিকা, কেন্দ্ৰীয় মন্ত্ৰী0 সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিল্পী জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিসকলৰ বহু লোকৰ প্ৰতিছব্বিয়ে প্ৰাণ পাই উঠিছে মানসীৰ আঙুলিৰ পৰশত ৷ আনহাতে ছাইৰে অংকন কৰিছে প্ৰতিটো প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা চাৰ্লি চেপলিন আৰু ইউটিউবাৰ ডিম্পু বৰুৱাৰ চিত্ৰও ৷ ভৱিষ্যতে এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰি নৱ প্ৰজন্মক তেওঁ সৃষ্টি কৰা চিত্ৰৰ বহুল প্ৰচাৰ কৰাৰ হেঁপাহ মানসীৰ ৷

ইফালে অভাৱে জুৰুলা কৰা পিতৃৰ চৰকাৰলৈ এক অনুৰোধ । অৱসৰলৈ মাজত মাত্ৰ কেইটামান দিন আছে যোগেশ চৌধাৰীৰ । গতিকে অতিশীঘ্ৰে বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰিবলৈ আহ্বান জনাইছে যোগেশ চৌধাৰীয়ে ।

লগতে পঢ়ক: Heated situation in Majuli : আচামীক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ; শূন্যলৈ গুলী চালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.