নলবাৰী,25 আগষ্ট: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে চলোৱা এক অভিযানত ঘগ্ৰাপাৰ চ’কৰ নিচেই সমীপতে ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী যুৱকক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে এখন দলঙৰ সমীপত ট্ৰাকত এই ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত কৰায়ত্ত কৰা যুৱকগৰাকী আব্দুল চামাদ বুলি জানিব পৰা গৈছে ৷
আনহাতে, ধৃত আব্দুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছ মাফিয়া ৰাণা আলীক ৰঙিয়া থানাৰ অন্তৰ্গত গোহাইঘাট হাতবজালীৰ নিজা বাসগৃহৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ঘগ্ৰাপাৰ আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীয়ে ধৃত যুৱকগৰাকীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছৰ লগতে দুটাকৈ ম’বাইল ফোন ৷
লগতে চাওকঃ বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ